নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ বিশ্বজুৰি সংহাৰী ৰূপ লোৱা ঘাতক ক’ভিড–১৯ৰ বিৰুদ্ধে ভাৰতৰ ক’ৰোনা যুঁজে আজি এবছৰ সম্পূর্ণ কৰিলে৷ ক’ৰোনা যুঁজৰ বর্ষপূর্তিৰ দিনাই দ্বিতীয় পর্যায়ৰ গণ টিকাকৰণত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ভিড–১৯ ভেকচিনৰ ড’জ ল’ব বুলি প্রকাশ পাইছে৷ যোৱা ১৬ জানুৱাৰীত আৰম্ভ হোৱা বিশ্বৰ বৃহত্তম ক’ভিড–১৯ গণ টিকাকৰণত স্বাস্থ্যকর্মী–গ্রণী যোদ্ধাক ভেকচিন প্রদান কৰাৰ পাছতেই দ্বিতীয় পর্যায়ত ৫০ৰ ঊর্ধ্বৰ ব্যক্তিক ভেকচিন প্রদান কৰা হ’ব৷ সেই অনুসৰিয়েই দ্বিতীয় পর্যায়ত প্রধানমন্ত্রী মোদীয়ে ক’ভিড ভেকচিনৰ প্রথমটো ড’জ ল’ব৷ তেনেদৰে ৫০ ঊর্ধ্বৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে ধৰি সাংসদ আৰু বিধায়কক ক’ৰোনা ভাইৰাছৰ প্রথমটো ড’জ দিয়া হ’ব৷ ঘাতক ক’ভিড–১৯ৰ বিৰুদ্ধে নির্ণয়কাৰী যুঁজ গণ টিকাকৰণত
ইতিমধ্যে দেশৰ প্রায় ৮ লাখ স্বাস্থ্যকর্মীক ভেকচিন প্রদান কৰা হৈছে৷ দেশৰ এক কোটি স্বাস্থ্যকর্মীক ভেকচিন প্রদান কৰা প্রক্রিয়া সমাপ্ত হ’লেই দ্বিতীয় পর্যায়ৰ ভেকচিন প্রদান অভিযান আৰম্ভ হ’ব৷ এই অভিযানত ৫০ ঊর্ধ্বৰ সকলো চৰকাৰী বিষয়া, আমোলা, ৰাজনীতিকক সাঙুৰি লোৱা হ’ব৷ তাৎপর্যপূর্ণ যে ভাৰতত দুটাকৈ দেশত প্রস্তুত কৰা ভেকচিন ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন দেশজুৰি স্বাস্থ্যকর্মীক প্রদান কৰি থকা হৈছে৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ নির্দেশনা অনুসৰি কেৱল ১৮ বছৰৰ ঊর্ধ্বৰ ব্যক্তিক ক’ভিড–১৯ ভেকচিন প্রদান কৰা হ’ব৷ গর্ভৱতী আৰু শিশুক দুগ্ধদান কৰা মহিলাক ভেকচিন প্রদান কৰা নহ’ব৷ প্রথম পর্যায়ত তিনি কোটিক ভেকচিন প্রদান কৰাৰ পাছত পৰৱর্তী কেন্দ্রীয় চৰকাৰে দ্বিতীয় পর্যায়ত ৩০ কোটিক ভেকচিন প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ যোৱা ১৬ জানুৱাৰীত আৰম্ভ হোৱা গণ টিকাকৰণ অভিযান দেশজুৰি অব্যাহত আছে৷