বন্ধ হ’ব ৫, ১০, ১০০ টকীয়া নোট, RBIৰ স্পষ্টীকৰণ…
নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ প্রচলন বন্ধ হ’ব পুৰণি ১০০, ১০ আৰু ৫ টকীয়া নোটৰ৷ এনে ধৰণৰ এক বাতৰি সংবাদ মাধ্যমত চৰ্চাত আছিল। লগতে প্ৰকাশ কৰা হৈছিল যে মার্চৰ শেষত অথবা এপ্রিলৰ আৰম্ভতে আৰবিআয়ে পুৰণি উল্লিখিত তিনিবিধ নোট স্থায়ীভাৱে প্রচলন বন্ধ কৰাৰ পৰিকল্পনা কৰিছে৷
কিন্তু শেহতীয়া ভাৱে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই জানিবলৈ দিছে তেনে ধৰণৰ কোনো সিদ্ধান্ত লোৱা নাই।
টুইটাৰযোগে এক বিবৃতিত, ৰিজাৰ্ভ বেঙ্ক অৱ ইণ্ডিয়াই জানিবলৈ দিয়ে যে ৫ টকা ১০, ১০০ টকা, বাতিল কৰাৰ বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন।
With regard to reports in certain sections of media on withdrawal of old series of ₹100, ₹10 & ₹5 banknotes from circulation in near future, it is clarified that such reports are incorrect.
— ReserveBankOfIndia (@RBI) January 25, 2021