অত্যাধিক চাপৰ সন্মুখীন হৈছে ঋষভ পণ্টঃ ব্রায়ান লাৰা
নিউজডেস্ক, ২২ ডিচেম্বৰঃ টীম ইণ্ডিয়াৰ উদীয়মান তাৰকা ঋষভ পণ্টে আন্তঃৰাষ্ট্রীয় ক্রিকেটত অত্যধিক চাপৰ সন্মুখীন হৈছে৷ ইয়ে তেওঁৰ প্রদর্শনত যথেষ্ট প্রভাৱ পেলাইছে৷ –এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে ৱেষ্ট ইণ্ডিজৰ একালৰ কিংবদন্তি বেটছমেন ব্রায়ান লাৰাই৷
তেওঁ কয় যে কেৰিয়াৰৰ আৰম্ভণিতে পণ্টে কোনো চাপৰ সন্মুখীন হোৱা নাছিল বাবে বিস্ফোৰক বেটিঙেৰে সকলোকে মুগ্ধ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু মহেন্দ্র সিং ধোনীৰ উত্তৰসূৰী হিচাপে তেওঁক ক্রিকেট মহলে গণ্য কৰিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা তেওঁ অবাঞ্ছনীয় চাপৰ সন্মুখীন হয়৷
‘মাত্র ২১–২২ বছৰ বয়সতে পণ্টে অবাঞ্ছনীয় চাপৰ সন্মুখীন হৈছে৷ তেওঁৰ বয়সত মই কেতিয়াও এইধৰণৰ চাপৰ সন্মুখীন হোৱা নাছিলোঁ৷ তেওঁক মুক্ত মনেৰে খেলিবলৈ দিয়া উচিত আৰু ধোনীৰ সৈতে কোনেও তুলনা কৰা উচিত নহয়৷’ লাৰাই এইদৰে কয়৷
ইফালে, মহেন্দ্র সিং ধোনীৰ অৱসৰ সন্দর্ভতো মন্তব্য আগবঢ়ায় ৱেষ্ট ইণ্ডিজৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে৷ তেওঁ কয় যে বিশ্বকাপ বিজয়ী প্রাক্তন অধিনায়কগৰাকী যিকোনো দলৰ বাবে এক মূল্যৱান সম্পদ আৰু কেতিয়া আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনাব লাগে, সেয়া ধোনীয়ে ভালদৰে জানে৷