নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ মহানগৰীৰ সমীপৱর্তী ৰাণী সংৰক্ষিত বনাঞ্চলত চলিছে এতিয়া কাঠ মাফিয়াৰ দপদপনি ৷ ৰাণী বনাঞ্চলিক কার্যালয়ৰ ৰেঞ্জাৰগৰাকীৰ অজ্ঞাতে তলতীয়া বনকর্মীয়ে কাঠ মাফিয়াৰ সৈতে মিতিৰালি পাতি ৰাণীৰ বিভিন্ন পথেৰে মূল্যৱান চোৰাং কাঠ সৰবৰাহ কৰাৰ সুযোগ দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে ৷
প্রাপ্ত অভিযোগ অনুসৰি, শুকুৰবেৰীয়া খণ্ড বন বিষয়া কার্যালয়ৰ সন্মুখেৰে নিতৌ ট্রাক আৰু বলেৰো পিকআপ ভানেৰে দৈনিক সৰবৰাহ হয় চেগুন, শাল, গমাৰি আদি মূল্যৱান কাঠ ৷ শুকুৰবেৰীয়া, উমচুৰ, গাৰোপাৰা, নালাপাৰা, ভোলাগাঁও, চেঁচা আদি অঞ্চলেৰে সৰবৰাহ হোৱা কাঠবোৰ ভোলাগাঁও, বৰিহাট, ৰাণী, পলাশবাৰী, মির্জা, ছয়গাঁও, কুকুৰমাৰা আদি ঠাইলৈ চালান দিয়া হয় ৷
অভিযোগ অনুসৰি কাঠ মাফিয়া হিচাপে পৰিচিত জনৈক আইনুল নামৰ লোকজনে ৰাণী বনাঞ্চলিক কার্যালয়ৰ জনৈক ৰাভা উপাধিৰ বনকর্মীগৰাকীৰ সৈতে মিতিৰালি পাতি এইদৰে অবাধ হাৰত বন ধ্বংসযজ্ঞ চলাই আছে ৷ মন কৰিবলগীয়া তদানীন্তন বনমন্ত্রী প্রমীলা ৰাণী ব্রহ্মৰ কার্যকালত এই ৰাভা উপাধিৰ বনকর্মীগৰাকীৰ কু–কীর্তি বিভিন্ন বাতৰিকাকতত সবিস্তাৰে প্রকাশ পাইছিল ৷
আনহাতে, অসম–মেঘালয় সীমান্তত অৱস্থিত শুকুৰবৰীয়া খণ্ড বন কার্যালয়ৰ সন্মুখেৰে নিশাৰ কথা বাদেই, দিনৰ পোহৰতে ট্রাক আৰু বলেৰো পিকআপ ভানেৰে দৈনিক চোৰাং কাঠ সৰবৰাহ হৈ থকাৰ পাছতো খণ্ড বন বিষয়াগৰাকীয়ে কোনো ব্যৱস্থা গ্রহণ নকৰা কার্যই কাঠ মাফিয়াৰে খণ্ড বন বিষয়াগৰাকীৰ গোপন বুজাবুজি আছে নেকি বুলি প্রশ্ন উত্থাপন হৈছে ৷ সচেতন লোকসকলে ৰাণী বনাঞ্চলিক কার্যালয়ৰ ৰেঞ্জাৰগৰাকীক শীঘ্রে এই সন্দর্ভত বিহীত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে ৷