আজি ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ৰ
গণৰাজ্য দিৱসৰ কৃষকৰ ট্রেক্টৰ সমদলৰ সময়ত হিংসা
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনা কৃষকৰ ট্রেক্টৰ সমদলৰ সময়ত সংঘটিত হিংসাক লৈ জনোৱা পি আই এলৰ শুনানি ল’ব উচ্চতম ন্যায়ালয়ে৷ গণৰাজ্য দিৱসত কৃষকৰ ট্রেক্টৰ সমদলৰ সময়ত হিংসা, ৰাজহুৱা সম্পত্তি ধ্বংস আৰু ৰাষ্ট্রীয় পতাকাক অৱমাননা কৰা ঘটনাটোৰ ন্যায়িক তদন্ত বিচাৰি জনোৱা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি কাইলৈ উচ্চতম ন্যায়ালয়ে গ্রহণ কৰিব বুলি আজি প্রকাশ কৰিছে৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ নেতৃত্বত বিচাৰপীঠে কাইলৈ শুনানি গ্রহণ কৰি এই সন্দর্ভত ৰায় দিব৷ ইপিনে, ২৬ জানুৱাৰীৰ হিংসাত্মক ঘটনাৰ লগত জড়িতৰ অভিযোগত গ্রেপ্তাৰ কৰা প্রতিবাদী কৃষকক মুকলি কৰি দিয়াৰ বাবে জনোৱা আবেদন এখন আজি দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে৷ ২৬ জানুৱাৰীৰ হিংসাত্মক ঘটনাৰ পিছত দিল্লী সীমান্তৰ সিংঘু, টিক্রী আৰু গাজিপুৰৰ পৰা গ্রেপ্তাৰ কৰা কৃষকৰ লগতে আন আন লোককো মুকলি কৰি দিয়াৰ বাবে দাখিল কৰা আবেদনখন দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰে৷