আন এক অভিলেখৰ দুৱাৰডলিত কোহলি
নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ খেলপথাৰত নামিলেই নতুন নতুন অভিলেখৰ গৰাকী হয় বিৰাট কোহলি৷ ইংলেণ্ডৰ বিৰুদ্ধে আজিৰে পৰা আৰম্ভ হোৱা টেষ্ট শৃংখলাত আন এক অভিলেখৰ দুৱাৰডলিত উপনীত হৈছে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকী৷ শৃংখলাটোত মাত্র এটা শতক অর্জন কৰিবলৈ সক্ষম হ’লেই কোহলিয়ে অধিনায়ক হিচাপে আন্তঃৰাষ্ট্রীয় ক্রিকেটত সর্বাধিক শতকৰ গৰাকী হ’ব৷ তাৰকা বেটছমেনগৰাকীয়ে আন্তঃৰাষ্ট্রীয় ক্রিকেটত এইপর্যন্ত অধিনায়কৰ ৰূপত ৪১টা শতক অর্জন কৰিবলৈ সক্ষম হৈছে৷ অষ্ট্রেলিয়াৰ একালৰ মহান বেটছমেন ৰিকী পণ্টিংয়েও অধিনায়কৰ ৰূপত ৪১টা আন্তঃৰাষ্ট্রীয় শতক অর্জন কৰিছিল৷
উল্লেখ্য যে এতিয়ালৈকে টেষ্ট, এদিনীয়া আৰু টি–২০ মিলাই ৪২৩খন আন্তঃৰাষ্ট্রীয় মেচ খেলা কোহলিয়ে ১৮৮খন মেচত ভাৰতক নেতৃত্ব দিছে৷ ইফালে, পণ্টিঙে ৩২৪খন মেচত অষ্ট্রেলিয়াক নেতৃত্ব দি সামগ্রিকভাৱে ৪১টা শতক অর্জন কৰিবলৈ সক্ষম হৈছিল৷