নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়ালৈ মৃত ১০, জীৱন্তে উদ্ধাৰ ১৬ গৰাকীঃ শতাধিক নিহতৰ আশংকা

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ পুনৰ যেন উভতি আহিছে ৮ বছৰ আগৰ কেদাৰনাথৰ ভয়াবহ স্মৃতি। উত্তৰাখণ্ডৰ চামোলি জিলাৰ ৰৈনী গাঁৱৰ ধৌলিগংগা নদীত হিমস্খলনৰ বাবে ঋষিগংগা তপোবন হাইড্ৰো প্ৰজেক্টৰ বান্ধ ভাঙে। ফলত সৃষ্টি হয় ভয়াৱহ পৰিস্থিতি। জানিব পৰা মতে উত্তৰাখণ্ডৰ চামোলি জিলাস্থিত নন্দাদেৱী নামৰ এক হিমবাহ গলাৰ বাবে এই হিমস্খলন হয়।

প্লাৱিত হয় অলকানন্দা আৰু ধৌলি গংগা নদী। এই ঘটনাত নিখোজ হৈ আছে প্রায় ১৫০গৰাকী লোক। হিমস্খলনৰ ফলত প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হয় নির্মীয়মাণ ঋষি গংগা আৰু তপোবন জলবিদ্যুৎ প্রকল্প। প্ৰকল্পটোৰ কামত জড়িত আছিল নিখোজ হোৱা ১৫০গৰাকী লোক। শেহতীয়া খবৰ মতে, ইতিমধ্যে ১০টা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ১৬গৰাকীক তপোবন টানেলৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হৈছে।

এই ঘটনাৰ বাবে বহুসংখ্যক পর্যটক থকা উত্তৰাখণ্ডত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ধৌলিগংগা আৰু অলকানন্দা নদীৰ জলপৃষ্ঠ ক্ৰমে বৃদ্ধি হৈ থকা দেখা গৈছে। নদী দুখনৰ কাষৰীয়া অঞ্চলত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে।

হিমস্খলনৰ ফলত নামি অহা বোকামাটিয়ে বহু ঠাই পুতি পেলাইছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীলৈ এন ডি আৰ এফ, আই টি বি পি বিভাগৰ লোক ৰাওনা হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনাত দুখ প্ৰকাশ কৰি সকলো প্ৰকাৰৰ সহায় কৰিবলৈ চৰকাৰ সাজু আছে বুলি উল্লেখ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত থকা অৱস্থাতে খবৰ পোৱাৰ পিছতে টুইট কৰি উত্তৰাখণ্ডবাসীৰ ওচৰত ৰাষ্ট্ৰ আছে বুলি উল্লেখ কৰি তেওঁ দেশে উত্তৰাখণ্ডবাসীৰ প্ৰতি প্ৰাৰ্থনা জনাইছে বুলি কয়। ভাৰতীয় সেনাও উদ্ধাৰ অভিযানৰ বাবে ৰাওনা হৈছে।

উত্তৰ প্ৰদেশ চৰকাৰেও গংগা তীৰৱৰ্তি অঞ্চলৰ বাসিন্দাৰ প্ৰতি হাই এলাৰ্ট জাৰি কৰিছে। উল্লেখ্য, ২০১৩ চনৰ ১৭ জুনত ধাৰাবাহিক বৰষুণৰ বাবে হ্ৰদৰ পৰা বাগৰি অহা পানীয়ে বহু লোকৰ প্ৰাণ কাঢ়ি নিছিল।

You might also like