নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ নৌসেনাৰ এজন ২৬ বছৰীয়া জোৱানক দুর্বৃত্তই বন্দুক দেখুৱাই চেন্নাইৰ পৰা অপহৰণ কৰি মহাৰাষ্ট্রৰ পালঘৰ জিলাৰ অৰণ্যত জীৱন্তে জ্বলোৱা ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ যোৱা ৩০ জানুৱাৰীত তিনিটা দুর্বৃত্তই চেন্নাই বিমানবন্দৰৰ বাহিৰৰ পৰা অপহৰণ কৰিছিল সূৰয কুমাৰ ডুবে নামৰ নৌসেনাৰ কর্মীজনক৷ অপহৰণকাৰীয়ে জোৱানজনৰ পৰিয়ালৰ পৰা দাবী কৰিছিল ১০ লাখ টকা৷ এই ধন নোপোৱাৰ বাবেই তিনি দিন জিম্মাত ৰখাৰ পিছত ৰাঁচীৰ যুৱক ডুবেক নৃশংসভাৱে জ্বলাই দিয়ে তিনিওটা দুর্বৃত্তই৷
মুম্বাইৰ হাস্পতাললৈ নিয়াৰ পথতে ডুবেৰ মৃত্যু হয়৷ উল্লেখনীয় যে আই এন এছ অগ্রণীৰ নাবিক হিচাপে কর্মৰত আছিল ডুবে৷