২–১ত শৃংখলা হস্তগত টীম ইণ্ডিয়াৰঃ ৰোহিত–ৰাহুল–কোহলি অর্ধশতক
নিউজডেস্ক, ২৩ ডিচেম্বৰঃ অ’পেনাৰদ্বয় ৰোহিত শর্মা–লোকেশ ৰাহুল আৰু অধিনায়ক বিৰাট কোহলিৰ দর্শনীয় অর্ধশতক তথা ৰবীন্দ্র জাদেজা আৰু শার্দুল ঠাকুৰৰ সময়োপযোগী বেটিঙৰ সহায়ত টীম ইণ্ডিয়াই কটকত অনুষ্ঠিত তৃতীয় তথা নির্ণায়ক এদিনীয়া মেচখনত ৱেষ্ট ইণ্ডিজক ৪ উইকেটত পৰাস্ত কৰে৷
এই জয়েৰে ভাৰতীয় দলটোৱে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো ২–১ত হস্তগত কৰে৷ মেচখনত ৱেষ্ট ইণ্ডিজে জয়ৰ বাবে বান্ধি দিয়া বিশাল ৩১৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৰোহিত শর্মাৰ ৬৩, ৰাহুলৰ ৭৭ আৰু কোহলিৰ ৮৫ ৰানৰ সহায়ত ভাৰতে ৪৮.৪ অ’ভাৰত ৬টা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়৷
দলীয় স্ক’ৰ ২৮৬ ৰানত কোহলিৰ ৰূপত ভাৰতে ষষ্ঠটো উইকেট হেৰুৱাই মেচখনত পৰাজয়ৰ শংকাত পৰিছিল যদিও জাদেজা আৰু শার্দুলে দর্শনীয় বেটিং দাঙি ধৰি দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা লয়৷
জাদেজাই ৩১ বলত চাৰিটা চাৰিৰে অপৰাজিতভাৱে ৩৯ ৰান কৰাৰ লগতে শার্দুলে ৬ বলত দুটা চাৰি আৰু এটা ছয়েৰে ১৭ ৰান কৰি অপৰাজিত হৈ থাকে৷ দুয়োৱে সপ্তম উইকেটৰ যুটিত অপৰাজিতভাৱে ৩০ ৰান সংগ্রহ কৰে৷ শ্রেয়াছে ৭, পণ্টে ৭ আৰু কেদাৰ যাদৱে ৯ ৰান কৰি বিদায় লয়৷ ৰোহিত আৰু ৰাহুলে প্রথম উইকেটৰ যুটিত ১২২ ৰান সংগ্রহ কৰি টীম ইণ্ডিয়াক সুন্দৰ আৰম্ভণি দিছিল৷
ৱেষ্ট ইণ্ডিজৰ হৈ কেম’ প’লে সর্বাধিক তিনিটা উইকেট লয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি নিকোলাছ পুৰান আৰু অধিনায়ক কিৰন পোলার্ডৰ বিস্ফোৰক বেটিঙৰ সহায়ত ৱেষ্ট ইণ্ডিজে নির্ধাৰিত ৫০ অ’ভাৰত ৫ উইকেটত ৩১৫ ৰান কৰে৷ লিৱিছ আৰু হ’পে ইনিংছ মুকলি কৰিবলৈ আহে যদিও দলীয় স্ক’ৰ ৭০ ৰানত দুয়োগৰাকী অ’পেনাৰ পেভিলিয়নমুখী হয়৷ লিৱিছে ২১ আৰু হ’পে ৪২ ৰানৰ বৰঙণি আগবঢ়ায়৷
ইফালে চেজ আৰু হেটমায়াৰে তৃতীয় উইকেটৰ যুটিত ৬২ ৰান কৰাৰ সময়তে হেটমায়েৰে ব্যক্তিগত ৩৭ ৰানত বিদায় লয়৷ ইফালে, চেজেও ৩৮ ৰান কৰি পেভিলিয়নমুখী হয়৷ সেই সময়ত কেৰিবিয়ান বাহিনীৰ স্ক’ৰ আছিল ৪ উইকেটত ১৪৪৷ কিন্তু পুৰান আৰু পোলার্ডে পঞ্চম উইকেটৰ যুটিত ১৩৫ ৰান কৰাৰ সময়তে পুৰানে বিদায় লয়৷
টীম ইণ্ডিয়াৰ হৈ এদিনীয়া ক্রিকেট অভিষেক ঘটা নৱদ্বীপ ছাইনিয়ে সর্বাধিক দুটা উইকেট লাভ কৰে৷