নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজো দুর্বৃত্তৰ গুলীত আহত ৫ অসমীয়া

হাইলাকান্দিৰ সীমান্তৱর্তী অসমৰ গাঁৱত আক্রমণ

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ মিজো দুষৃকতিকাৰীয়ে পুনৰ অসম–মিজোৰাম সীমান্তত মঙলবাৰে চলালে তাণ্ডৱ৷ হাইলাকান্দিৰ কচুৰথল অঞ্চলত চলোৱা তাণ্ডৱত ৫জন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে দুষৃকতিকাৰীয়ে অসমৰ ২০টা পৰিয়ালৰ বাসগৃহত অগ্ণিসংযোগ কৰে৷ উল্লেখ্য যে কিছুদিন পূর্বে অসমৰ বনাঞ্চল দখল কৰাৰ লগতে গাঁৱলৈ সোমাই অহা মিজো দুষৃকতিকাৰীয়ে সীমান্ত অঞ্চলৰ কেইবাখনো বিদ্যালয় বোমা ফুটাই ধ্বংস কৰি দিছিল৷ সেয়াই নহয়, শতাধিক পৰিয়ালক গাঁও এৰাৰ হুমকি দি এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ মঙলবাৰে পুনৰ তেনে এক পৰিৱেশ সৃষ্টি কৰি একাংশ মিজো লোকে অসমৰ ভূমিত বসবাস কৰা ২০টা পৰিয়ালৰ বাসগৃহত আক্রমণ চলায়৷ উক্ত ভূমি মিজোৰামৰ বুলি দাবী কৰি দুষৃকতিকাৰীসকলে এই পৰিয়ালকেইটাৰ ঘৰসমূহত অগ্ণিসংযোগ কৰাই নহয়, শূন্যলৈ গুলী ফুটাই ত্রাসৰ সৃষ্টি কৰে৷ আনকি মিজো দুর্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আহত হয় পাঁচজনকৈ লোক৷

ইয়াৰে আকিব আলী, আন্নামুদ্দিন আৰু হুছনা বেগমৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক ততালিকে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয়৷ মঙলবাৰে দুপৰীয়াৰ ভাগত সংঘটিত এই ঘটনাৰ পিছত সমগ্র অঞ্চলটোতে তীব্র উত্তেজনাই বিৰাজ কৰিছে৷ মিজো দুষৃকতিকাৰীৰ আক্রমণৰ পিছত গাঁওখনৰ প্রায় শতাধিক পৰিয়ালে ঘৰ এৰি আন ঠাইত আশ্রয় ল’বলগীয়া হৈছে৷ বাৰম্বাৰ মিজো দুষৃকতিকাৰীয়ে এনেদৰে আক্রমণ চলাই অহাৰ পিছতো ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ প্রতিবাদত আজি একাংশ গাঁওবাসীয়ে হাইলাকান্দিৰ ৬নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে৷ ঘটনাৰ পিছতে সীমান্ত অঞ্চলত উপস্থিত হৈ পৰিস্থিতি তদাৰক কৰে হাইলাকান্দিৰ উপায়ুক্ত মেঘনিধি দাহাল আৰু আৰক্ষী অধীক্ষক পবীন্দ্র কুমাৰ নাথে৷ উল্লেখ্য যে ইয়াৰ পূর্বে সীমান্তত মিজো উগ্রপন্থীয়ে চলোৱা আক্রমণ প্রতিৰোধ কৰাৰ বাবে অঞ্চলটোত নিয়োগ কৰা হৈছিল অর্ধসামৰিক বাহিনীৰ দল আৰু অসম আৰক্ষীৰ চকী৷ কিন্তু ইয়াৰ পিছতো মিজো দুষৃকতিকাৰীয়ে সীমান্তৰ গাঁওবাসীক ভয়–ভীতি প্রদর্শন কৰি আহিছিল৷

You might also like