জার্মানীৰ সংসদীয় নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব ছিৰিয়ান আলাওজে
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ গৃহযুদ্ধ বিধ্বস্ত ছিৰিয়াৰ পৰা ৫ বছৰ পূর্বে নিৰাপদ আৰু সচ্ছল জীৱনৰ সন্ধানত জার্মানী অভিমুখে যাত্রা কৰিছিল এজন যুৱকে৷ টাৰেক আলাওজ নামৰ এই যুৱকজনে জার্মানীত উপস্থিত হৈয়ে দেশখনৰ ভাষা শিকিবলৈ লয়৷ ৰবৰৰ নাও এখনেৰে ভূমধ্য সাগৰ অতিক্রম কৰি ব’লকানৰ মাজেৰে জার্মানীত প্রৱেশ কৰিছিল আলাওজে৷ যোৱা বছৰ দেশখনৰ গ্রীন পার্টীত যোগদান কৰে ৩১ বছৰীয়া যুৱকজনে৷ এতিয়া এই যুৱকজনেই পশ্চিম জার্মানীৰ ওবেৰহাউছেন–ডিনছল্ সংসদীয় সমষ্টিৰ পৰা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে৷
ইতিমধ্যে ছেপ্ঢেম্বৰত অনুষ্ঠিত হ’বলগীয়া নির্বাচনৰ বাবে প্রচাৰ আৰম্ভ কৰিছে আলাওজে৷ অতি সুন্দৰভাৱে জার্মান ভাষা লিখিব তথা ক’ব পৰা আলাওজৰ সমষ্টিটোত জনপ্রিয়তাও আছে৷ সংবাদ সংস্থা এপিৰ সৈতে হোৱা বার্তালাপত আলাওজে উল্লেখ কৰিছে যে জার্মানীৰ সংসদীয় নির্বাচনত প্রথমগৰাকী ছিৰিয়ান শৰণার্থী হিচাপে তেওঁ প্রতিদ্বন্দ্বিতা কৰিব৷ বার্লিনৰ ৰেইখষ্টেগ প্রাসাদৰ বাহিৰত বিদেশী আশ্রয় প্রার্থীসকলৰ সমর্থনত আয়োজন কৰা এক সমাৱেশত ভাষণ দি শৰণার্থীৰ সমস্যাক লৈ সংসদত সৰৱ হ’ব বুলিও উল্লেখ কৰিছে আলাওজে৷