নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ ফেব্ৰুৱাৰীত আৰম্ভ হ’ব ২য় পৰ্যায়ৰ স্কুটী বিতৰণ কাৰ্যসূচীঃ ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ আজি বিধানসভাত লেখানুদান দাখিল কৰে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিত্তমন্ত্ৰী ড০ শৰ্মাই ছাত্ৰীসকলক স্কুটি বিতৰণৰ কথা উল্লেখ কৰি কয় যে বৰ্তমানলৈকে ২৩,২৪৫ গৰাকী ছাত্ৰীয়ে স্কুটি লাভ কৰিছে আৰু আগন্তুক সময়ত আন ১৫ হাজাৰ ছাত্ৰীয়ে স্কুটী লাভ কৰিব। দ্বিতীয় পৰ্যায়ত ২০১৮-১৯ আৰু ২০১৯-২০ চনৰ ছাত্ৰীসকলক প্ৰদান কৰিবলগীয়া এই স্কুটিসমূহ প্ৰদানৰ কাম ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব।

মন্ত্ৰী ড০ শৰ্মাই পুনৰ কয়, “বিগত বৰ্ষত ৰাজ্যত ১৭ লাখ ৮৪ হাজাৰ ৮৯০ গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়া হৈছে। ১ কোটি ৮ লাখ ৯১৪ গৰাকী শিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। ৩৩ হাজাৰ নতুন শিক্ষকক নিযুক্তি দিয়াৰ লগতে ২৯ হাজাৰ শিক্ষকৰ পদ প্ৰাদেশীকৰণ হৈছে।”

You might also like