নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ আনৰ অধিকাৰ খর্ব কৰি বহুদিন ধৰি নতুন দিল্লীৰ শ্বাহিনবাগত নাগৰিকত্ববিৰোধী আইনৰ প্রতিবাদক উচ্চতম ন্যায়ালয়ে বেআইনী ঘোষণা কৰা ৰায়ক প্রত্যাহ্বান জনাই ১২ সমাজকর্মীয়ে দাখিল কৰা আবেদনখনৰ শুনানি গ্রহণ কৰে উচ্চতম ন্যায়ালয়ে৷ ন্যায়াধীশ এছ কে কৌৰ, অনিৰুদ্ধ বসু আৰু কৃষ্ণা মূৰাৰী তিনিজনীয়া বিচাৰপীঠে শ্বাহিনবাগক লৈ যোৱা বর্ষৰ ৭ অক্টোবৰত দিয়া ৰায়কে বাহাল ৰাখে৷ বিচাৰপীঠে পুনৰীক্ষণ আবেদনৰ শুনানি যোৱা ৯ ফেব্রুৱাৰীত গ্রহণ কৰে যদিও যোৱানিশা ৰায় প্রদান কৰে৷ তিনিজনীয়া বিচাৰপীঠৰ ৰায় অনুসৰি যিকোনো সময়ত যিকোনো স্থানত প্রতিবাদ কৰিব নোৱাৰে৷ অর্থাৎ এনে প্রতিবাদৰ অধিকাৰ নাথাকে৷ কেতিয়াবা কিছুসংখ্যক স্বতঃস্ফূর্তভাৱে হয়, কিন্তু আনৰ অধিকাৰ খর্ব কৰি ৰাজহুৱা স্থান দীর্ঘদিন ধৰি দখল কৰি থাকি প্রতিবাদ চলাব নোৱাৰে৷