মঠঘৰীয়াত মহিলাক হাৰাশাস্তি মাইক্র’ফাইনেঞ্চৰ
নিয়মীয়া বার্তা, ১৪ ফেব্রুৱাৰীঃ গুৱাহাটী মহানগৰীত আজিও অব্যাহত আছে একাংশ মাইক্র’ফাইনেঞ্চ প্রতিষ্ঠানৰ মইমতালি৷ মহানগৰীৰ বিভিন্ন প্রান্তৰ মহিলা গ্রাহকক ঋণ পৰিশোধৰ নামত মাইক্র’ফাইনেঞ্চ প্রতিষ্ঠানসমূহে হাৰাশাস্তি কৰি অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
অসম চৰকাৰৰ নির্দেশক অৱজ্ঞা কৰি বহিঃৰাজ্যৰ বিত্তীয় প্রতিষ্ঠানসমূহে স্ব–ইচ্ছাই প্রদান কৰা ঋণ পৰিশোধৰ নামত মহিলাসকলক হেঁচা প্রয়োগ কৰাৰ উপৰি বিভিন্ন ভাবুকি প্রদান কৰি আহিছে৷ বিশেষকৈ মহানগৰীৰ নুনমাটি থানাৰ অন্তর্গত মঠঘৰীয়া অঞ্চলত বন্ধনকে ধৰি কেইবাটাও বিত্তীয় প্রতিষ্ঠানে স্থানীয় মহিলা গ্রাহকসকলক ঋণ আদায়ৰ নামত ব্যাপক হাৰাশাস্তি কৰা বুলি একাংশ ভুক্তভোগী মহিলাই ক্ষোভ প্রকাশ কৰে৷
মঠঘৰীয়াৰ দুর্গা মন্দিৰ অঞ্চলত ঘৰে ঘৰে প্রৱেশ কৰি মাইক্র’ফাইনেঞ্চৰ এজেণ্টসকলে মহিলা গ্রাহকক ঋণৰ কিস্তি বিচাৰি ভয়–ভাবুকি দিয়ে৷ তদুপৰি নির্দিষ্ট সময়ৰ ভিতৰত ঋণ পৰিশোধ নকৰিলে এই ঋণৰ বোজা মহিলাসকলৰ পৰিয়ালৰ সদস্য তথা সতি–সন্ততিৰ ওপৰত পৰিব বুলি এজেণ্টসকলে ভাবুকি দিয়ে৷
এজেণ্টসকলৰ এই কার্যত ক্ষোভ প্রকাশ কৰি আজি ভুক্তভোগী অর্ধশতাধিক মহিলা মঠঘৰীয়াৰ দুর্গা মন্দিৰৰ সমীপত সমৱেত হৈ এই বিত্তীয় প্রতিষ্ঠানসমূহৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷ ইপিনে, মহানগৰীৰ হাতীগাঁও অঞ্চলতো একাংশ মাইক্র’ফাইনেঞ্চ প্রতিষ্ঠানৰ এজেণ্টসকলে ঘৰে ঘৰে সোমাই ঋণৰ কিস্তি বিচাৰি মহিলাসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে৷
তদুপৰি লকডাউনৰ সময়ছোৱাত এই প্রতিষ্ঠানসমূহে গ্রাহকসকলৰ একাউণ্টত অতিৰিক্ত ধন জমা কৰি সেইধৰণেৰে কিস্তি বিচাৰি গ্রাহকক হাৰাশাস্তি কৰিছে৷ ফলত বহু পৰিয়াল ব্যাপক সমস্যাৰ সন্মুখীন হোৱা বুলি ভুক্তভোগী মহিলাসকলে জানিবলৈ দিছে৷
উল্লেখ্য যে ৰাজ্য চৰকাৰে মাইক্র’ফাইনেঞ্চ প্রতিষ্ঠানসমূহে ঋণৰ কিস্তি বিচাৰি মহিলা তথা গ্রাহকসকলক হাৰাশাস্তি কৰিব নোৱাৰিব বুলি সদৰী কৰে৷ কিন্তু চৰকাৰৰ নির্দেশক অৱজ্ঞা কৰি একাংশ প্রতিষ্ঠানৰ এজেণ্টসকলে আজিও গ্রাহকসকলক ঋণৰ কিস্তি বিচাৰি নির্যাতন চলাই আছে৷