পুলৱামা কাণ্ডৰ দুবছৰঃ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি দেশবাসীৰ
নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ আজি পুলৱামা আক্ৰমণৰ দুবছৰ সম্পূৰ্ণ হ’ল । বিগত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীৰ দিনটোতে পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল চিআৰপিএফৰ ৪০জনকৈ জোৱান । শ্বহীদ হৈছিল অসমৰ মনেশ্বৰ বসুমতাৰীয়ো।
এই আক্ৰমণত শ্বহীদ হোৱা প্ৰতিজন বীৰ জোৱানলৈ আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সমগ্ৰ দেশবাসীয়ে ।
এই দিনটোক স্মৰণ কৰি চিআৰপিএফেও টুইটযোগে শ্ৰদ্ধা জনাইছে ।
तुम्हारे शौर्य के गीत, कर्कश शोर में खोये नहीं।
गर्व इतना था कि हम देर तक रोये नहीं।”Did not Forgive, will not Forget: Salute to our brothers who made the supreme sacrifice for the nation in #PulwamaAttack . Indebted, we stand with the families of our valiant Bravehearts. pic.twitter.com/pNAAvuCJUU
— ??CRPF?? (@crpfindia) February 14, 2021
উল্লেখ্য যে শ্ৰীনগৰৰ পৰা জম্মুলৈ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৭৮ খন বাছেৰে প্ৰায় ২৫০০ জোৱান কঢ়িয়াই লৈ গৈ থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয়, য’ত চি আৰ পি এফৰ জোৱান কঢ়িয়াই নিয়া এখন বাহনত বৃহৎ পৰিমাণৰ বিস্ফোৰক কঢ়িয়াই অনা এখন বাহনে খুন্দা মৰাৰ পাছতেই এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হৈছিল।