গাজীপুৰত আন্দোলনৰত কৃষকৰ মাজত মহাত্মা গান্ধীৰ নাতিনী
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ কৃষক আন্দোলনৰ সমর্থনত এইবাৰ আগুৱাই আহিল মহাত্মা গান্ধীৰ নাতিনী তাৰা গান্ধী ভট্টাচার্য। শনিবাৰে দিল্লী-উত্তৰপ্রদেশ সীমান্তৰ গাজিপুৰত উপস্থিত হৈ আন্দোলনকাৰীক সাক্ষাৎ কৰে গান্ধী নাতিনীয়ে।
ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকেতৰ ওচৰলৈ গৈ তেওঁ আন্দোলনলৈ পূর্ণ সমর্থন ব্যক্ত কৰে। তাৰা গান্ধী ভট্টাচার্যই কয় যে কৃষকৰ কল্যাণৰ ওপৰতেই দেশৰ কল্যাণ নিৰ্ভৰশীল।
নেচনেল গান্ধী মিউজিয়ামৰ চেয়াৰপাৰ্ছন তাৰা ভট্টাচাৰ্যই আন্দোলনৰত কৃষকক উদ্দেশ্যি পুনৰ কয়- ‘কোনো ৰাজনৈতিক কর্মসূচীৰ অংশ ৰূপে ইয়ালৈ অহা নাই। কিন্তু জীৱনজুৰি যিসকল কৃষকে আমাক অন্নমুঠি দি আছে, সেইসকলৰ কাৰণে আহিছো। আমাৰ দাবী এটাই যে যি সিদ্ধান্তই লোৱা নহওক কিয়, সি যাতে কৃষকৰ স্বাৰ্থবিৰোধী নহয়।’
১৮৫৭ চনৰ মহাবিদ্রোহৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে সেই সময়তো উত্তৰ প্ৰদেশৰ পৰাই আন্দোলন আৰম্ভ হৈছিল। কৃষকক শান্তি বজাই ৰাখি আন্দোলন কৰি যাবলৈ পৰামৰ্শ দিয়ে ভট্টাচাৰ্যই।