নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমাপুৰত ১০–২০ মার্চলৈ ভাৰতীয় সেনাৰ মুকলি নিয়োগ সমাৱেশ

সেনা বাহিনীত ভর্তি হ’ব খোজা যুৱক–যুৱতীসকলৰ্ বাবে উজনি অসমত ভাৰতীয় সেনাই এক মুকলি নিয়োগ সমাৱেশৰ আয়োজন কৰিছে৷ মুকলি সমাৱেশতBarpeta, Kokrajhar, Dhubri, Bongaigaon, Chirang, Goalpara, Kamrup-Rural, Kamrup-Metro, Baksa, Nalbari, Udalguri, Darrang আৰুSouth Salmara-Mancachar জিলাৰ প্রার্থীসকলে অংশগ্রহণ কৰিব পাৰিব৷ বিজ্ঞাপনৰ তথ্য অনুসৰি, সেনা বাহিনীত পূৰণ হ’বলগীয়া পদসমূহৰ ভিতৰত আছে–Soldier NA/Vet আৰুSoldier Clerk/Store Keeper Technical৷Soldier NA/Vet পদৰ প্রার্র্থী স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয়ত গড়ে ৫০ শতাংশ নম্বৰেৰে বিজ্ঞান শাখাত দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷

আনহাতে,Soldier Clerk/Store Keeper Technical পদৰ প্রার্র্থী স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা ইংৰাজী, গণিত, হিচাপবিদ্যা বিষয় লৈ কলা/বাণিজ্য/বিজ্ঞান শাখাত দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷Soldier NA/Vet আৰ Soldier Clerk/Store Keeper Technical পদৰ প্রার্থীৰ বয়স ১৭১/২–২৩ বছৰৰ ভিতৰত হ’ব লাগিব৷ অর্থাৎ প্রার্থীৰ জন্ম ১ অক্টোবৰ, ১৯৯৭ আৰু ১ এপ্রিল, ২০০৩ৰ মাজত হোৱা হ’ব লাগিব৷Soldier NA/Vet পদৰ প্রার্থীৰ উচ্চতা ১৫৭ ছেণ্টিমিটাৰ আৰ Soldier Clerk/Store Keeper Technical পদৰ প্রার্থীৰ উচ্চতা ১৬০ ছেণ্টিমিটাৰ৷ Soldier NA/Vet আৰুSoldier Clerk/Store Keeper Technical পদৰ প্রার্থীৰCHEST (In CM) Expansion77 CM৷ মুকলি সমাৱেশলৈ যাওঁতে এডমিট কার্ড, পাৰপত্র আকাৰৰ ফটো, শৈক্ষিক অর্হতাৰ প্রমাণ–পত্র, ডমিচিয়েল চার্টিফিকেট, কাষ্ট চার্টিফিকেট, কেৰেক্টাৰ চার্টিফিকেট, অবিবাহিতৰ প্রমাণ–পত্র, এনচিচিৰ চার্টিফিকেট, বেংক একাউণ্টৰ কপী, পানকার্ড, আধাৰ কার্ড আদি নিব লাগিব৷

আগ্রহীসকলে অনলাইনযোগে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ ভাৰতীয় সেনাৰ বিভাগীয় ৱেবছাইটhttps://joinindianarmy.nic.in/writereaddata/Portal/BRAVO_NotificationPDF/Dimapur_Rally_for_Nagaland.pdf লগ–ইন কৰিব লাগিব৷ নাম পঞ্জীয়ন প্রক্রিয়া ৯ জানুৱাৰীৰ পৰা অহা ২২ ফেব্রুৱাৰী, ২০২১লৈ অব্যাহত থাকিব৷ এডমিট কার্ডসমূহ প্রার্থীৰ নিজ নিজ ই–মেইল আই ডিত ২৪ ফেব্রুৱাৰীৰ পৰা ২৮ ফেব্রুৱাৰী, ২০২১ তাৰিখৰ ভিতৰত উপলব্ধ হ’ব৷ নিয়োগ সমাৱেশ ১০ মার্চৰ পৰা ২০ মার্চ, ২০২১লৈ অনুষ্ঠিত হ’ব৷ সমাৱেশৰ স্থান–Dimapur (Nagaland)৷ বিজ্ঞাপন বিষয়ক যিকোনো ধৰণৰ সহায়ৰ বাবে ০৩৬১–২৬৪০১৩৪/ ৯৪৭৬৬–৯০৭১২ নম্বৰত যোগাযোগ কৰিব পাৰে৷

You might also like