ট্রাম্পৰ বিৰুদ্ধে তদন্ত চলিব নিৰপেক্ষ আয়োগৰ
মার্কিন কংগ্রেছত পেল’ছিৰ ঘোষণাঃ ৰেহাই দিয়া নহ’ব প্রাক্তন ৰাষ্ট্রপতিক
নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ ছিনেটত প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগৰ বিচাৰ প্রক্রিয়া ব্যর্থ হৈছে যদিও ডেম’ক্রেটিক পার্টীয়ে ট্রাম্পক কোনো কাৰণতে ৰেহাই নিদিয়ে৷ মার্কিন কংগ্রেছৰ নেত্রী নানচি পেল’ছিয়ে শেহতীয়াকৈ উল্লেখ কৰিছে যে সংসদৰ বাহিৰত ট্রাম্পৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এক নিৰপেক্ষ আয়োগ গঠন কৰা হ’ব৷ ৬ জানুৱাৰীত মার্কিন কেপিট’ল হিলত ট্রাম্পৰ উচটনিতে নেতাগৰাকীৰ সমর্থকসকলে আক্রমণ কৰিছিল বুলি ডেম’ক্রেটিক পার্টীয়ে সংসদৰ বাহিৰে–ভিতৰে অভিযোগ কৰি আছে৷ এই ঘটনা সন্দর্ভত নিৰপেক্ষ তদন্তৰ জৰিয়তে ট্রাম্পক দোষী সাব্যস্ত কৰিবলৈ প্রচেষ্টা চলাইছে ডেম’ক্রেটিক নেত্রীগৰাকীয়ে৷ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত নিউয়র্ক আৰু পেণ্টাগনত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ তদন্ত কৰিবলৈ যি ধৰণৰ আয়োগ গঠন কৰা হৈছিল, অনুৰূপ আয়োগ ট্রাম্পৰ বিৰুদ্ধে তদন্তৰ ক্ষেত্রতো গঠন কৰা হ’ব বুলি কংগ্রেছত ঘোষণা কৰিছে পেল’ছিয়ে৷ নেত্রীগৰাকীয়ে উল্লেখ কৰিছে যে ৬ জানুৱাৰীত কেপিট’ল হিলত আচলতে কি হৈছিল, ইয়াৰ সত্যতা আমেৰিকাৰ ছিনেট আৰু কংগ্রেছৰ উপৰি দেশবাসীয়ে জনাৰ অধিকাৰ আছে৷ স্মর্তব্য যে মাত্র দুদিন পূর্বে ছিনেটে মহাভিযোগৰ বিচাৰ প্রক্রিয়াৰ পৰা ৰেহাই দিছিল ট্রাম্পক৷ ছিনেটত ১০০ সাংসদৰ ভিতৰত ৬৭গৰাকীয়ে মহাভিযোগৰ সপক্ষত ভোটদান কৰা হ’লে ট্রাম্প দোষী সাব্যস্ত হ’লহেঁতেনে৷ কিন্তু মহাভিযোগৰ সপক্ষত ৫৭গৰাকী সাংসদেহে ভোটদান কৰিছিল৷ দুই–তৃতীয়াংশ সাংসদে মহাভিযোগ প্রক্রিয়াৰ সপক্ষত ভোটদান নকৰাৰ বাবেই ট্রাম্পক দোষী সাব্যস্ত কৰাটো সম্ভৱ নহ’ল৷