আজিৰ পৰা প্রায় ডেৰশ বছৰৰো আগৰে পৰাই অনুষ্ঠিত বৰপেটা জিলাৰ পূব প্রান্তত অসম বিখ্যাত কাঁহ শিল্প উদ্যোগ নগৰীত প্রতি বছৰে যুগাদ্যা মাঘী পূর্ণিমা তিথিত উদ্যাপন হৈ অহা সভা মহোৎসৱ সাতামপুৰুষীয়া ঐক্য–সম্প্রীতিৰ নিদর্শন৷ এই সভা মহোৎৱত হিন্দু–মুছলমান উভয়ে আন্তৰিকতাৰে অংশগ্রহণ কৰা দেখা যায়৷ পাঁচদিনীয়া কার্যসূচীৰে হোম–যজ্ঞ, নাম–প্রসংগকে মুখ্য কৰি পালন কৰা এই সভা মহোৎসৱৰ কোনো লিখিত চন–তাৰিখ নাই যদিও ই ৰাইজমেলৰ (১৮৯৪ চন) বহু বছৰ আগৰ৷ ইমান পুৰণি সভা অসমৰ ক’ৰবাত আছেনে ভাবি চাবলগীয়া৷ নানা ঘাত–প্রতিঘাতেও ইয়াক ৰুদ্ধ কৰিব পৰা নাই৷ বৰং প্রতি বছৰে ইয়াৰ কলেবৰ বৃদ্ধি পাইহে আহিছে৷ ই সর্থেবাৰী ৰাইজৰ সংহতি, সম্প্রীতি, প্রাণ–প্রাচুর্য আৰু বীৰত্বৰ ধ্বজা কঢ়িয়াই আনিছে৷ সর্থেবাৰীৰ ওচৰ–পাজৰৰ গাঁৱক লৈ পাকা সৰুক্ষেত্রী ধর্মপুৰ মৌজা সামৰি বৃহৎ অঞ্চলটোৰ এয়া যেন ঐক্য সমন্বয়ৰহে উৎসৱ৷ দূৰ অতীতত বিভিন্ন ধর্মাৱলম্বী লোকৰ সহযোগত সমন্বয় ৰাখি এটি সামূহিক সার্বজনীন ধর্মানুষ্ঠানৰ প্রয়োজন অনুভৱ কৰি সর্থেবাৰীৰ ৰাইজে জগন্নাথ মহাপ্রভুৰ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল৷ সভাৰ প্রথম মেলতে অঞ্চলটোৰ পণ্ডিতসকলক নিমন্ত্রণ কৰি আনি শুভদিন হিচাপে থিৰ কৰা হৈছিল মাঘী পূর্ণিমাৰ তিথি৷ একোটা উৎসৱে একোটা জাতিৰ ইতিহাস কয়৷ যিদৰে দীপান্বিতা উৎসৱে ৰামচন্দ্রৰ লংকা জয়ৰ কথা কয় তেনেদৰে সর্থেবাৰীৰ সভা মহোৎসৱে সাম্রাজ্যবাদী ব্রিটিছৰ পদলেহনকাৰী পীতাম্বৰ, দাসৰাম চৌধুৰীহঁতৰ লেখীয়া অত্যাচাৰী কর্মচাৰীয়ে ভাৰভেটী, কৰ–কাটল আৰু মোকর্দমা আদিৰে জুৰুলা কৰা ৰাইজৰ অদমনীয় মনোবল, অন্যায়ৰ বিৰুদ্ধে সংগ্রাম আৰু মাৰবান্ধি আইনৰ যুদ্ধত জয়ী হোৱাৰ অতীত স্মৃতিকে ৰোমন্থন কৰে৷ ভাস্কৰ বর্মাৰ দিনৰে পৰা কাঁহশিল্পক লৈ গৌৰৱ কৰা সর্থেবাৰীৰ ৰাইজে সভাখনক লৈও গৌৰৱ অনুভৱ কৰে৷ এই সভা এক বিজয়ৰ উৎসৱ, ঐক্য–সংহতি, সম্প্রীতি আৰু মিলনৰ উৎসৱ, শৌর্য–বীর্যৰ উৎসৱ৷ গংগা–যমুনা সৰস্বতীৰ মিলনভূমি প্রয়াগ যিদৰে হিন্দুৰ পৱিত্র স্থান, তেনেদৰে সর্থেবাৰীৰ সভাও এই অঞ্চলৰ ধর্মপ্রাণ, শিল্পীপ্রাণ ৰাইজৰ পৱিত্র মিলন ক্ষেত্র৷ সভাৰ জৰিয়তে সর্থেবাৰীৰ সমাজ জীৱনৰ বান্ধোন কটকটীয়া হৈ আছে৷ সামাজিক সমস্যাবোৰৰ মীমাংসা হৈছে৷
পোন্ধৰদিনীয়া সভাৰ মেলৰ গুৰুত্ব আৰু তাৎপর্য সুদূৰপ্রসাৰী৷ গণতান্ত্রিক পদ্ধতিৰ স্পষ্ট নমুনা সর্থেবাৰীৰ সভাৰ মেলত সভা আৰম্ভ হোৱাৰ দিনৰ পৰা অদ্যৱধি স্পষ্ট পৰিলক্ষিত হোৱা দেখা যায়৷ মেলত সমাজভুক্ত সকলো ব্যক্তিৰ যুক্তিপূর্ণ বাক্ বিনিময়ৰে সমাজৰ বিভিন্ন সমস্যাৰ সমাধান উলিওৱাৰ লগতে সভা পৰিচালনাৰ যাৱতীয় দিশত মুকলি আলোচনা কৰি ব্যৱস্থা লোৱা হয়৷ মাঘী পূর্ণিমাৰ এপষেক আগৰে পৰা অর্থাৎ আউসীৰ পৰা মুকলি আকাশৰ তলত মূৰত নিয়ৰ লৈ বহা মেলত কেৱল সভাৰ প্রস্তুতিয়ে কৰা নহয়, সমাজৰ দায়–দোষ, বাদ–বিবাদ আদি গঠনমূলক আৰু সংস্কাৰমূলক অভিপ্রায়েৰে বাছি বাছি সমাজৰ বান্ধোন কটকটীয়া কৰাৰ লগতে ভাতৃত্বভাব, একতা ত্যাগৰ মনোভাব, চিন্তাৰ উৎকর্ষ সাধন, যুক্তি–তর্কৰ মাহাত্ম্য আদি সজ গুণৰ বিকাশ ঘটায়৷ সর্থেবাৰীৰ অধিবাসী মূলতঃ পাঁচোটা খেলৰ পোন্ধৰটা চুপাৰ অন্তর্ভুক্ত৷ পৰিচালনাৰ বাবে গাঁৱৰ পাঁচোটা খেলত ভাগ কৰি প্রত্যেকৰে ভাগত একোটা প্রধান দায়িত্ব অর্পণ কৰা হয়৷ এই পাঁচোটা প্রধান দায়িত্বৰ কার্যবাহীসকলক গঞাপ্রধান কোৱা হয় আৰু সমাজখনক কোৱা হয় সর্থেবাৰী পাঁচখেল গঞা–গয়ৰহ৷ আতাথেৰ খেলৰ ধনভঁৰালী, শালাকঠিয়াথেৰ চুপাৰ মজুমদাৰ, কাজিথেৰ খেলৰ পাঠক, তালুকদাৰ খেলৰ অর্চক আৰু তামুলীথেৰ খেলৰ আহ্বায়ক৷ প্রত্যেকৰে দায়িত্ব সুকীয়া৷ পঞ্চপ্রধানৰ নেতৃত্বত চলে ধর্মীয় অনুষ্ঠান আৰু সভাৰ মেল৷ এই দায়িত্ব আজিপর্যন্ত পৰম্পৰাগতভাৱে চলি আহিছে৷ সর্থেবাৰীত বাস কৰা আন লোকে সমাজভুক্ত হ’ব খুজিলে আগেয়ে কোনো চুপাৰ জৰিয়তে খেলভুক্ত হ’ব লাগে৷ পাঁচখেল গঞা–গয়ৰহৰ নিয়ম–নীতি বা বিচাৰৰ ৰায় নমনা লোক বা পৰিয়ালক এঘৰীয়া কৰি ৰখাৰ ব্যৱস্থা আজিও বাহাল আছে৷ মূল ব্যৱসায় কাঁহশিল্পৰ বাবে দূৰ অতীতত সর্থেবাৰীৰ প্রায়ভাগ মানুহ প্রবসুৱা আছিল৷ সভাত কিন্তু সকলোৱে ঘৰলৈ অহা বাধ্যতামূলক৷ মেল আৰম্ভ হোৱাৰ দিনাৰে পৰা মেলত উপস্থিত থাকিব নোৱাৰিলে দিনে পাঁচ আনাকৈ খাটিয়ান দিয়াৰ নিয়ম আছিল৷ মেলত প্রতি ঘৰৰ অৱস্থাৰ বুজ লৈ সভাৰ বৰঙণি নির্ধাৰণ কৰা হয়৷ তাকে সর্থেবাৰীৰ ৰাইজে ‘বৰঙণি খুইট’ বুলি কয়৷ প্রসংগক্রমে উল্লেখৰ নিতান্তই প্রয়োজন যে প্রকৃত লিখিত অসমীয়া ভাষা আৰু বৰপেটাত প্রচলিত নানা ভাষাৰ মাজত এক বৃহৎ তফাৎ আছে, যিদৰে আছে অন্যান্য ঠাইৰো৷ গোসাঁই বা গোহাঁই শব্দটো ঈশ্বৰ বুজাবলৈ ব্যৱহূত হয়৷ নামনি অসমৰ প্রায়বোৰ ঠাইতে গোসাঁইঘৰৰ বিগ্রহক গোসাঁই জাতীয়ৰে উচ্চাৰণ কৰা হয়৷ সর্থেবাৰীত গোসাঁইক গোসাঁই নুবুলি কোৱা হয় গহে৷ তেনেদৰে বৰঙণিক বৰগেনী কোৱা হয়৷ আর্থিক অৱস্থা অনুসৰি গডমূৰ পাঁচ টকাৰ পৰা ওপৰলৈ বৰঙণি নির্ধাৰণ কৰা হয়৷ কাৰোবাৰ আপত্তি থাকিলে মেলতে নিষ্পত্তি কৰিব পাৰে৷ প্রতি বছৰে বৰঙণি হ্রাস–বৃদ্ধি কৰা হয়৷ খেলৰ বৰঙণি সংগ্রহৰ দায়িত্বত থকাসকলক সাধেনদাৰ কোৱা হয়৷ সাধেনদাৰসকলে সভাৰ পোন্ধৰ দিনত সংগৃহীত বৰঙণি প্রতি খেলৰ ভঁৰালীৰ হাতত জমা দিয়াৰ পিছতহে সেই ধনেৰে সভাৰ মাংগলিক কার্য আৰম্ভ কৰাৰ নিয়ম৷ সর্থেবাৰীৰ মেলে অলক্ষিতে বহু প্রতিভাৰ জন্ম দিছে৷ সর্থেবাৰীৰ মেল গচকি নোপোৱা লোক সর্থেবাৰীৰ নহয়৷ যাৰ দেহত সর্থেবাৰীৰ তেজ আছে তেওঁ নানান ব্যস্ততাৰ মাজতো এবাৰ হ’লেও সভাৰ মেললৈ আহিব৷ কাৰণ সভাৰ মেল তথা সভাখনৰ প্রতি সকলোৰে গভীৰ আকর্ষণ আছে৷ এই আকর্ষণ চিৰদিন থাকিব৷
সর্থেবাৰীৰ সভা মহোৎসৱৰ প্রধান অংশ তিনিটা হ’ল ধর্মীয় আচাৰ–নুষ্ঠান, কলা–সংস্কৃতিৰ প্রদর্শন আৰু বাণিজ্য মেলা৷ মাঘী পূর্ণিমাৰ আগদিনাৰ পৰা পাঁচদিন ধৰি এই সভা চলে৷ প্রথম দিনৰ সভাক গোন্ধ বোলে৷ সিদিনা পুৱা সর্থেবাৰীৰ প্রতিটো পৰিয়ালৰ প্রতিনিধিয়ে এটাকৈ বাঁহ আনি সভাৰ খোলাত ৰাজহুৱা শ্রমদানেৰে চাইনা (ৰভা) সাজে৷ বর্তমানৰ সভাত কাপোৰ ব্যৱহাৰ কৰা হয় যদিও পূর্বতে এই ৰভা পাকা ৰিজার্ভৰ তৰা, বিৰিণা কাটি আনি সজা হৈছিল৷ সন্ধিয়া চুপাই চুপাই থকা গোসাঁই ঘৰৰপৰা দবা, ঢ়োল, তাল, কাঁহ, শংখ, ঘণ্টা বজাই নাম–কীর্তন আদি কৰি ফটকা ফুটাই, মহা আডম্বৰেৰে শোভাযাত্রা কৰি বিগ্রহবোৰ আনি সভাৰ খলাৰ বৰগোসাঁই ঘৰত প্রতিষ্ঠা কৰা হয়৷ বিগ্রহবোৰৰ নাম ভিন ভিন যেনে– কলিয়া ঠাকুৰ, শ্যামৰায়, গোপাল গোবিন্দ, গোপাল বাসুদেৱ, লক্ষ্মী, ৰাধাকৃষ্ণ, বংশীগোপাল, মদনগোপাল আদি৷ সিদিনাৰ পৰা ব্রাহ্মণসকলে অহর্নিশে গোসাঁই ঘৰত থাকি বিগ্রহ ধুওৱা, বন্তি জ্বলোৱা আৰু পূজাৰ কাম কৰে৷ গোসাঁই উলিওৱা অনুষ্ঠান এক ডাঙৰ উপভোগ্য উৎসৱ ইয়াক সভাৰ ‘গোন্ধ’ বোলে৷ পিছদিনা সভাৰ হোম৷ এই দিনটো সভাৰ মূল অংশ৷ সিদিনা পুৰুষ–মহিলা সকলোৱে মানস কৰি বিগ্রহৰ সন্মুখত হাজাৰ হাজাৰ ঘিউৰ চাকি জ্বলায় আৰু মোনে মোনে চেনি আগবঢ়ায়৷ দুপৰীয়াৰ পৰা হোম–যজ্ঞ আৰু দশম, ৰত্নাৱলী আৰু ভাগৱত পাঠ কৰা হয়৷ এশ আঠজন ব্রাহ্মণে ভাগে ভাগে বহি তুলসীপাঠ, চণ্ডীপাঠ, বুটকপাঠ, আছিদ্রাধাবন, বিষ্ণু সহস্র নাম আদি পূজা কৰাৰ লগতে জঁপ কৰে৷
এই দৃশ্য অপূর্ব, অতি মনোৰম, মন–প্রাণ পৰশা দুর্লভ৷ চাকৰিয়ালে হওক বা ব্যৱসায়ীকে হওক সর্থেবাৰীৰ প্রৱাসীসকলেও হোমৰ ফোঁট ল’বলৈ আৰু সেৱা জনাবলে সভালৈ ঢ়াপলি মেলে৷ হোমৰ পৰত যজ্ঞ ৰীতিমতে অগ্ণিত দিয়া নানা উপাদানৰ ধোঁৱাৰ মিশ্রিত গোন্ধে সভাস্থলীত সৃষ্টি কৰে এক অপূর্ব পৰিস্থিতিৰ৷ এইখিনিতে উল্লেখ্য যে সর্থেবাৰীৰ সভাৰ প্রসাদত চাউল বুটৰ লগতে চেনিৰ প্রসাদৰ পৰিমাণ নামনি অসমতে সর্বাধিক৷ মাটিৰ ডাঙৰ ঘাইত ভক্তই পূর্ণ কৰি লয় প্রসাদ৷ পর্াশ্বৱর্তী গাঁওবোৰৰ গঞাই দূৰণিবটীয়া আত্মীয়লৈ পঠিওৱাৰো এক অঘোষিত নিয়ম প্রচলিত হেনো৷ হোমৰ পিছদিনা ভৰ সভা৷ চতুর্থদিনা চেৰা সভা পর্বৰ বিপৰীতে শেষৰ দিনা ভঙা সভা৷ সভাৰ প্রতিদিনে আবেলিৰ ভাগত কৰা ভকতৰ নাম–কীর্তন আৰু বোৱাৰী–পুৱাতেই কৰা আয়তীৰ নাম এক আকর্ষণীয় অনুষ্ঠান৷ ভঙা সভাৰ নিশা ভকতসকলে গোসাঁইঘৰত থিয়নাম ধৰে আৰু তাৰ পিছত বিগ্রহবোৰ পুনৰ চুপাৰ কীর্তন ঘৰলৈ নাম–কীর্তন কৰি ওভতাই নিয়া হয়৷ শেষৰ দিনা ভকতনী (আয়তী)সকলৰ নাম৷ সভাৰ আগণন যাত্রী আৰু দুখীয়া–মগনীয়াক সিধা দিয়াৰ নিয়ম আজিও প্রচলিত৷ আটাইকেইদিনতে পুৱা আৰু গধূলি চাউল, দাইল, তেল আৰু খৰি সিধা হিচাপে দিয়া হয়৷ তাৰ বাবে প্রতিটো পৰিয়ালে নির্ধাৰিত পৰিমাণৰ বৰঙণিৰ উপৰি পাঁচ কিঃগ্রাঃকৈ চাউল আৰু এক আটিকৈ খৰি দিব লাগে৷ সর্থেবাৰীৰ সভাৰ এক জনপ্রিয় দিশ হ’ল ব্যৱসায়িক দিশ৷ সভাৰ উপলক্ষে এখন বৃহৎ বাণিজ্য মেলা বহে৷ স্থানীয়ভাৱে আৰু পর্াশ্বৱর্তী জিলাবোৰত প্রচলিত যে সর্থেবাৰী সভাত সকলো বস্তু নূ্যনতম মূল্যত পোৱা যায়৷ পিনটোৰ পৰা চোফালৈকে সকলো বস্তু পোৱা যায় সর্থেবাৰী সভাত৷ বিশেষকৈ কাপোৰ তেনেই কম দামত পোৱা যায়৷ ইয়াত কৃষক, বণুৱা, কাৰিকৰী শিল্পী–শিপিনী সকলো শ্রেণীৰ লোকৰ প্রয়োজনীয় সামগ্রীৰ বিপুল পয়োভৰ ঘটে৷ পৰিয়ালৰ আটায়ে সভাত নতুন কাপোৰ লোৱা এক পূর্ব প্রচলিত নিয়ম এতিয়াও বিদ্যমান৷ সভাত গুৱাহাটী, ৰঙিয়া, ওদালগুৰি, পলাশবাৰী, হাউলী, বৰপেটাৰোড, বঙাইগাঁও, শুৱালকুছিকে ধৰি ৰাজ্যৰ নানা ব্যৱসায় প্রতিষ্ঠানে দোকান দি ব্যৱসায় কৰে৷ সভাত যাত্রাপার্টী, ঢুলীয়া, যাদু, চার্কাছ, বোলছবি, ভ্রাম্যমাণৰ নাট প্রদর্শন উপভোগ কৰাৰ লগতে প্রয়োজনীয় সামগ্রী ক্রয় কৰাৰ এক সোণালী সুযোগ৷ সভাত মুঠতে পোন্ধৰশমান দোকান বহে৷ দূৰৰ পৰা অহা যাত্রীক ৰান্ধি–বাঢ়ি খাবলৈ চাউল, দাইল, খৰি, তেল, নিমখ আদি দিয়া হয়৷ এনেদৰে দিয়া বস্তুক সিধা বোলে৷ সভাৰ খলাত যিকোনো প্রকাৰৰ জুৱা খেল আৰু মদৰ প্রচলন সম্পূর্ণৰূপে বন্ধ৷ এই নিয়ম উলংঘাকাৰীক ৰাজহুৱা শাস্তি প্রদান কৰা হয়৷ বিশ্বায়নে স্পর্শ কৰিছে সকলো ঠাই৷ বিজ্ঞান উন্নতিৰ লগে লগে আমাৰ মাজলৈ অহা গ্ল’বেলাইজেচনে স্পর্শ কৰিবলৈ সক্ষম হৈছে আমাক সকলোকে৷ এতিয়া বিজ্ঞানৰ যুগ৷ এয়া প্রতিযোগিতাৰ যুগ৷ নিজকে আনতকৈ উচ্চ প্রতিপন্ন কৰা প্রতিযোগিতাৰ যেন প্রতিযোগী আমি সকলো৷ বিশ্বায়নে চুই যাবলৈ সক্ষম হৈছে সভাৰ নানা দিশেই হয়তো সভাৰ কার্যক্রমণিকা আটকধুনীয়াকৈ ছপোৱা হয়৷ কিন্তু কিছু বছৰ আগলৈ উজাই গ’লে দেখিম যে এই প্রথা অহাৰ বেছি দিন হোৱা নাই৷ চিঠিৰ আধিপত্যৰ পূর্বে এজন লোকক সভা আদিৰ কথা ৰাইজক জনোৱাৰ উদ্দেশ্যে ঢ়োল পিটি দিয়াৰ দায়িত্ব অর্পণ কৰা হৈছিল৷ আজি সেই ঘোষকৰ স্থান ল’লে অফছেট প্রেছত ছপোৱা নানাৰঙী কার্যসূচী পত্রই৷ কিন্তু এইক্ষেত্রত সম্পূর্ণ ব্যতিক্রম ডেৰশ বছৰৰো অধিক প্রাচীন ঐতিহ্যমণ্ডিত সভাখন৷ সর্থেবাৰীৰ সভা মহোৎসৱত আজিও নাই কার্যক্রণিকা–পত্র অর্থাৎ চিঠি ছপোৱাৰ নিয়ম৷ কিম আশ্চর্যম৷ তাহানিৰ ৰীতিকে ৰখা বাবে এইক্ষেত্রত অৱশ্যেই ধন্যবাদৰ পাত্র সর্থেবাৰী সভা মহোৎসৱ পৰিচালনা কৰাসকল৷ সর্থেবাৰীৰ সভা অসমৰ প্রাচীন আৰু প্রখ্যাত বৃহৎ অনুষ্ঠান৷ অঞ্চলটোৰ আটাইবোৰ ৰাইজৰ লগতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ ধর্মপ্রাণ ৰাইজৰো ইয়াত সমাগম হয়৷ অধিকাংশ লোকৰ বাবেই বছৰটোৰ বহু আকাংক্ষিত উৎসৱ৷ জাতি–বর্ণ–ভাষা নির্বিশেষে বৃহৎ অঞ্চলটোৰ ৰাইজ আহি দূৰ–দূৰণিৰ আত্মীয়–স্বজন, বন্ধু–বান্ধৱ সকলোৱে সভাত সমৱেত হয়৷ ডেৰশ বছৰীয়া সর্থেবাৰীৰ সভা মহোৎসৱ শান্তি–সম্প্রীতি–ঐক্য– সমন্বয়ৰ উৎসৱহে৷ সর্থেবাৰীৰ সভাত নটসূর্য ফণী শর্মাৰ দৰে প্রখ্যাত শিল্পীয়ে অভিনয় কৰি গৈছে৷ মোহন ভাৱৰীয়াৰ দৰে জাকতজিলিকা ভাৱৰীয়াই ঢ়োল বজাই হাজাৰ দর্শকক হঁহুৱাই গৈছে৷ স্থানীয় ৰাইজৰ দান–বৰঙণিৰে অনুষ্ঠিত কৰা হয় আমাৰ প্রাচীনতম আৰু বৃহৎ সভাখন৷
উল্লেখ্য, বিগত বর্ষত ক’ৰোনা মহামাৰীয়ে কম্পিত কৰা বিশ্বত ত্রাসৰ সৃষ্টি কৰাহেতুকে অঞ্চলটোৰ সর্বসাধাৰণ ৰাইজে এইবেলি সভা মহোৎসৱ উলহ–মালহেৰে পালন কৰাৰ বাবে ঔৎসুক নাছিল যদিও এচাম ন্যস্তস্বার্থ, ধূৰন্ধৰ ব্যক্তিৰ স্বকীয় স্বার্থসিদ্ধি পূৰণৰ তাগিদাতে এইবেলিও অধিকসংখ্যক ৰাইজৰ মতামতক নেওচি অহা ২৬ ফেব্রুৱাৰীৰ পৰা নৱম দিনৰ বিস্তৃত কার্যসূচীৰে উদ্যাপন কৰিবলৈ লোৱা সিদ্ধান্তই যেন সর্থেবৰীয়া সমাজৰ স্বকীয় ঐতিহ্য আৰু আদর্শক যেন ম্লান কৰিহে তুলিছে৷ স্বইচ্ছাৰ দানৰ বাদে অন্য বৰঙণি উঠোৱাৰ নিয়ম নাই৷