নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ পিছত এন পি আৰক কেবিনেটে দিলে মঞ্জুৰি.অহা এপ্ৰিলৰ পৰা আৰম্ভ হ’ব প্ৰাৰম্ভিক পৰ্যায়ৰ কাম

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জী(এন পি আৰ) উন্নীত কৰিবলৈ মোডী কেবিনেটে অনুমোদন জনাইছে। লগতে মোডী চৰকাৰে ইয়াৰ বাবে ৮৭০০ কোটি টকাৰ বাজেট ধাৰ্য কৰিছে। এন পি আৰ উন্নত কৰিবলৈ অহা ১ এপ্ৰিল ২০২০ৰ পৰা ৩০ ছেপ্তেম্বৰ লৈকে প্ৰতিজন নাগৰিকৰ তথ্য প্ৰাপ্ত কৰিবলৈ দেশৰ প্ৰতিজন মানুহৰ ঘৰে ঘৰে যোৱাৰ ব্যৱস্থা কৰিছে। এন পি আৰত জনসাধাৰণৰ সকলো তথ্য বায়মেট্টিক প্ৰচেষ্টাৰে কৰা হ’ব।

জানি থওক কি এই এন পি আৰ

  • এন পি আৰৰ জৰিয়তে চৰকাৰে দেশৰ প্ৰতিজন নাগৰিকৰ তথ্য সংগ্ৰহ কৰিব।
  • ইয়াৰ অধিনত প্ৰতিজন ভাৰতীয় নাগৰিকৰ বায়মেট্টিক তথ্যৰ লগতে তেওঁৰ বংশাৱলীৰ তথ্যও সন্নিৱিষ্ট কৰা হ’ব।
  • যদি নাগৰিকজন ছয়মাহ অথবা বেছি সময় কোনো এটা অঞ্চলত বসবাস কৰে, তেতিয়া হলে তেওঁ এন পি আৰ পঞ্জীকৰণ অনিবাৰ্য হ’ব।
  • এন পি আৰ চৰকাৰে ৰাষ্ট্ৰীয় স্তৰ, ৰাজ্য স্তৰ, জিলা তথা মহকুমা স্তৰত তৈয়াৰ কৰিব।
  • এন পি আৰ তিনিটা চৰণত তৈয়াৰ কৰা হব প্ৰথম চৰণ ১ এপ্ৰিল ২০২০ পৰা ৩০ ছেপ্তেম্বৰ ২০২০ লৈকে হ’ব। ইয়াত কেন্দ্ৰ আৰু ৰাজ্যিক কৰ্মচাৰী সকলে ঘৰে ঘৰে গৈ নাগৰিকৰ তথ্য সংগ্ৰহ কৰিব।
  • দ্বিতীয় পৰ্যায়ত ৯ ফ্ৰেব্ৰুৱাৰী ২০২১ ৰ পৰা ২৮ ফ্ৰেব্ৰুৱাৰী ২০২১ লৈকে হ’ব। তাৰ পিছতেই তৃতীয় পৰ্যায়ত সকলো তথ্য সংগ্ৰহ কৰি জৰুৰী সংশোধন কৰা হ’ব।
You might also like