নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিৰ চেলিব্রিটীজন

ৰাজনীতি আৰু ‘চেলিব্রিটী’– দুটা পৰস্পৰ বিপৰীত শব্দ৷ ৰাজনীতিক আকৌ ‘চেলিব্রিটী’ অর্থাৎ সর্বসাধাৰণৰ মাজত জনপ্রিয় হ’ব পাৰেনে এক আচহুৱা কথা৷ অভিনেতা, গায়ক, সাহিত্যিক বা শিল্পকর্মৰ লগত জডিত সকলৰহে নিজৰ সৃষ্টিৰ দ্বাৰা ৰাইজক আকর্ষণ কৰি ‘চেলিব্রিটী’লৈ ৰূপান্তৰ হোৱাৰ অৱকাশ থাকে৷ এইসকলৰ বাবে থাকে ৰাইজৰ অকৃত্রিম মৰম আৰু নিঃস্বার্থ ভালপোৱা৷ ৰাইজৰ দুর্বাৰ হেঁপাহ হয় এইসকলক লগ পোৱাৰ বাবে, ওচৰৰ পৰা এবাৰ চোৱাৰ বাবে৷ এনেদৰেই সেইসকল ‘চেলিব্রিটী’ হিচাপে পৰিগণিত হয়৷ অৱশ্যে সকলো শিল্পী বা সাহিত্যিকৰে ‘চেলিব্রিটী’ হোৱাৰ ভাগ্য নহয়, একাংশৰহে এই সৌভাগ্য হয়৷ কিন্তু, ৰাজনীতি কৰা ব্যক্তিৰ সাধাৰণ ৰাইজৰ মাজত ইমান জনপ্রিয় হৈ ‘চেলিব্রিটী’লৈ উত্তৰণ হোৱা সম্ভৱনে? কেৱল কথাৰ ফুলজাৰি বা ভাষণেৰে ৰাইজৰ প্রিয় হ’ব পাৰেনে? সাধাৰণতে সর্বসাধাৰণ মানুহে ভাষণ শুনি বৰ এটা সন্তোষ নাপায়৷ তাতে যদি ৰাজনৈতিক ভাষণ হয়, সেয়াতো দূৰৈৰে কথা৷ প্রায়েই শুনিবলৈ পোৱা যায়, ৰাজনীতিৰ সভালৈ মানুহ ভাৰা কৰি আনিব লগা হয় দিনহাজিৰা, খোৱা–বোৱা, অহা–যোৱা খৰচ বহন কৰিলেহে মানুহে হেনো নেতা–মন্ত্রীৰ ভাষণ শুনিবলৈ আহে৷ নেতা–মন্ত্রীৰ প্রতি মানুহৰ বিশেষ আকর্ষণ নাথাকে৷ নিঃস্বার্থভাৱে ৰাজনীতিকক ভাল পোৱা মানুহৰ সংখ্যা তেনেই তাকৰ৷ ৰাজহুৱা স্বার্থতকৈ ব্যক্তিগত স্বার্থতহে বেছিসংখ্যক মানুহে নেতা, মন্ত্রী, ৰাজনীতিকৰ ওচৰ চাপে৷ স্বার্থ সিদ্ধি হোৱাৰ পিছত সেইসকল আঁতৰি যায়৷ আকৌ যেতিয়াই মানুহৰ ব্যক্তিগত বা ৰাজহুৱা স্বার্থ পূৰণ কৰিবলৈ অপাৰগ হয়, তেতিয়াই মানুহে সেইসকলক সমালোচনাৰে থকা–সৰকা কৰে৷ তদুপৰি বিভিন্ন সময়ত যিবোৰ প্রতিশ্রুতিৰে ৰাজনীতিকসকলে শাসনৰ বাঘজৰী হাতত লয়, বাস্তৱত তাক পালন কৰিব নোৱাৰে৷ সেয়েহে জনগণ বীতশ্রদ্ধ হয়৷ তদুপৰি বিৰোধী শিবিৰ এটা অনবৰতেই সক্রিয় হৈ থাকেই সমালোচনা কৰিবলৈ৷ গতিকে ৰাজনীতিকসকল সর্বসাধাৰণৰ মাজত জনপ্রিয় হৈ থকাটো কঠিন৷
এইখিনিতে উল্লেখ কৰা সঠিক হ’ব যে অসম চুক্তি সম্পাদন কৰি ১৯৮৪/৮৫ চনত যেতিয়া অসম আন্দোলনৰ নেতৃবৃন্দৰ উদ্যোগত ‘অসম গণ পৰিষদ’ নামৰ আঞ্চলিক ৰাজনৈতিক দলটো গঠন হৈছিল, সেই সময়ত প্রফুল্ল মহন্ত, ভৃগু ফুকন আদি নেতা অসমৰ ৰাইজৰ বাবে নয়নৰ মণিসদৃশ আছিল৷ আনকি কোনো কোনো ঠাইত তেওঁলোকৰ ফটোৰ সন্মুখত ধূপ–চাকি জ্বলাই সেৱা কৰিছিল৷ তেওঁলোক য’লৈকে গৈছিল, তাতেই তেওঁলোকক এবাৰ ওচৰৰ পৰা চাবলৈ, ভাষণ শুনিবলৈ ৰাইজ ৰৈ আছিল৷ অসমৰ ৰাইজৰ বাবে যেন আৱেগ আছিল প্রফুল্ল মহন্ত, ভৃগু ফুকন আদি নেতাসকল৷ শিশু, চেমনীয়াৰ পৰা আৰম্ভ কৰি আবাল–বৃদ্ধ–বনিতাল সকলোৰে মাজত জনপ্রিয় হৈছিল এইসকল নেতা৷ ইয়াৰ আগতে ইমান মৰম–আদৰ কোনো নেতাই পোৱা নাছিল কিজানি পৰৱর্তী পর্যায়ত ৰাইজৰ মৰম–আৱেগে সেইসকল নেতাৰ হাতত শাসনৰ বাঘজৰী তুলি দিছিল৷ এয়া অনস্বীকার্য যে সেই সময়ত সেইসকল নেতাৰ জনপ্রিয়তা তুংগত আছিল৷ কিন্তু সেই জনপ্রিয়তা বেছি বছৰৰ বাবে স্থায়ী নহ’ল৷ আন্দোলনৰ জৰিয়তে ছাত্র নেতাৰ পৰা ৰাজনৈতিক দলৰ নেতা আৰু মন্ত্রীলৈ উত্তৰণ হোৱাৰ পথ তেওঁলোকৰ বাবে উজু আছিল ঠিকেই, কিন্তু ৰাজনৈতিক ক্ষেত্রখনত নেতা, মন্ত্রী হৈ ৰাইজৰ বাবে কাম কৰা পথটো সিমান উজু নাছিল৷ যাৰ বাবে জনগণে যি আস্থা আৰু বিশ্বাসেৰে তেওঁলোকৰ হাতত শাসনৰ বাঘজৰী তুলি দিছিল, সেই আস্থা আৰু বিশ্বাস ভংগ হৈ গৈছিল৷
এয়া সত্য যে ৰাজনীতিৰ ক্ষেত্রখনত নিজকে ৰাইজৰ প্রিয়ভাজন কৰি ৰাখিব পৰাটো সহজ কথা নহয়, বিশেষকৈ দীর্ঘদিন ধৰি ৰাজনীতি কৰি থকা ৰাজনীতিকসকলৰ বাবে৷ কিন্তু সাম্প্রতিক সময়ত ৰাজ্যখনৰ এজন প্রভাৱশালী ৰাজনীতিক ড০ হিমন্ত বিশ্ব শর্মা যেন এই ক্ষেত্রত ব্যতিক্রম হিচাপে পৰিগণিত হৈছে৷ দীর্ঘদিন ৰাজনীতিৰ পথাৰখনত ব্যস্ত থকা ড০ হিমন্ত বিশ্ব শর্মা যেন ৰাজ্যৰ ৰাজনীতিত এজন ‘চেলিব্রিটী’ ৰাজনীতিকলৈ উত্তৰণ হ’ব ধৰিছে৷
এয়া অনস্বীকার্য যে বর্তমান অসম তথা উত্তৰ–পূবৰ ৰাজনৈতিক নক্সা যিজন ব্যক্তি অবিহনে অংকন কৰা হয়তো সম্ভৱ নহয়, সেইজনেই হৈছে ড০ হিমন্ত বিশ্ব শর্মা৷ ড০ হিমন্ত বিশ্ব শর্মাৰ ক্রমবর্ধমান জনপ্রিয়তা এদিনৰ সৃষ্ট নহয়, এয়া এক দীঘলীয়া পৰিক্রমা৷ ড০ হিমন্ত বিশ্ব শর্মাৰ ৰাজনৈতিক যাত্রাপথ আন বহু ৰাজনীতিকৰ দৰে মসৃণ নাছিল৷ প্রথমবাৰ নির্বাচনত জালুকবাৰী সমষ্টিত ভৃগু ফুকনৰ হাতত তেওঁ পৰাজিত হৈছিল৷ পিছত ২০০১ চনৰ নির্বাচনত বিজয়ী হৈ প্রথমবাৰৰ বাবে জালুকবাৰীৰ বিধায়ক হৈছিল৷
প্রথম অৱস্থাত ড০ হিমন্ত বিশ্ব শর্মাক মন্ত্রিত্ব প্রদান কৰা হোৱা নাছিল যদিও পিছলৈ ‘পৰিকল্পনা আৰু উন্নয়ন বিভাগ’ৰ ৰাজ্যিক মন্ত্রীৰ দায়িত্ব দিয়া হয়৷ অৱশ্যে এই বিভাগটো সেই সময়ত তুলনামূলকভাৱে নতুন আৰু গুৰুত্বহীন আছিল৷ ৰাইজৰ বাবেও এটা অপৰিচিত বিভাগ আছিল এইটো৷ ইয়াৰ আগতে কোনো স্বতন্ত্র মন্ত্রীও নাছিল বোধহয় এই বিভাগটো চম্ভালিবৰ বাবে৷ এনে এটা নতুন বিভাগৰ মন্ত্রী হৈ ড০ হিমন্ত বিশ্ব শর্মাই আৰম্ভ কৰিলে কিছু কিছু নতুন চমক সৃষ্টিকাৰী কাম৷ ঘোষণা কৰিলে মেড্রিকত প্রথম বিভাগ পোৱা ছাত্র–ছাত্রীক প্রদান কৰা হ’ব কম্পিউটাৰ৷ বিৰোধী দলবোৰে সমালোচনা কৰিলে৷ কেনেকৈ ইমানবোৰ কম্পিউটাৰ দিব, ক’ৰ পৰা টকা আহিব, যিসকলৰ ঘৰত বিদ্যুতৰ ব্যৱস্থা নাই, সেইসকলৰ বাবে কম্পিউটাৰ ভালুকৰ সাঙী নহ’বনে আদি বিভিন্ন প্রশ্ণৰে থকা–সৰকা কৰিলে বিৰোধী শিবিৰে৷ কিন্তু, সকলোকে স্তম্ভিত কৰি আৰম্ভ হ’ল কম্পিউটাৰ প্রদান আঁচনি– নাম দিলে ‘আনন্দৰাম বৰুৱা বঁটা’৷ যিসকলে কম্পিউটাৰ নলয়, সেইসকলক দিলে সমপৰিমাণৰ মূল্য–নগদ ধন৷ তদুপৰি শিক্ষা বিভাগৰ মন্ত্রীৰ দায়িত্ব লৈ আৰম্ভ কৰিলে টেট পৰীক্ষাৰ জৰিয়তে হাজাৰ হাজাৰ শিক্ষকক নিযুক্তি দিয়াৰ প্রক্রিয়া৷ অতি স্বচ্ছ আৰু নিকা পদ্ধতিৰে, এদিনো চৰকাৰী অফিচলৈ নোযোৱাকৈ, এটকাও ঘোচ নিদিয়াকৈ প্রার্থীসকলে শিক্ষক হিচাপে নিযুক্তি পোৱাটো হয়তো অন্যতম সফলতা আছিল তৰুণ গগৈ নেতৃত্বাধীন কংগ্রেছ চৰকাৰখনৰ৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো আছিল, মেধাসম্পন্ন দুখীয়া পৰিয়ালৰ বহু সন্তানে কোনো ৰাজনৈতিক নেতা–পালিনেতাৰ সংস্পর্শলৈ নহাকৈয়ে নিযুক্তি পাইছিল, অন্যথা সেই পৰিয়ালবোৰৰ চৰকাৰী চাকৰি সপোন হৈয়েই থাকিলেহেঁতেন এটাও শিক্ষা বিভাগৰ অফিচলৈ তাঁতবাটি নকঢ়াকৈ শিক্ষকৰ চাকৰিত নিযুক্তি লাভ কৰাটো পূর্বতে পর্বতত কাছৰ কণী বিচৰাৰ লেখীয়াই আছিল৷ সৌ সিদিনালৈকে তিনিখন মাত্র চিকিৎসা মহাবিদ্যালয়ৰে চলি থকা অসমত বৰপেটা, যোৰহাট, তেজপুৰ আদিত নতুন নতুন চিকিৎসা মহাবিদ্যালয় আৰু বহুকেইখন বিশ্ববিদ্যালয় স্থাপন হয় এইখন চৰকাৰৰ দিনতেই৷ নতুনকৈ চিকিৎসা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় স্থাপন কৰাটো যেন দুৰূহ কাম, অসম্ভৱ কথা– এনেকুৱা এটা ভাবধাৰা চলি আছিল অসমত৷ কাৰণ বিগত ত্রিশ–চল্লিশ বছৰ ধৰি অসমত নতুনকৈ এখনো চিকিৎসা মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হোৱা নাছিল৷ পূর্বে কোনো স্বাস্থ্য বা শিক্ষামন্ত্রীয়ে এনে সাহসী পদক্ষেপ গ্রহণ কৰিব পৰা নাছিল৷ কিন্তু ড০ হিমন্ত বিশ্ব শর্মাই কংগ্রেছ চৰকাৰৰ দ্বিতীয়টো কার্যকালত শিক্ষা আৰু স্বাস্থ্যমন্ত্রীৰ দায়িত্ব লৈয়েই এনেবোৰ সাহসী পদক্ষেপ হাতত লৈছিল৷ অৱশ্যে এচামে ইয়াক লৈ সমালোচনাও কৰিছিল৷ এটা কথা ঠিক, স্থাপন কৰাৰ দিনাই একো একোখন চিকিৎসা মহাবিদ্যালয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমপর্যায়ৰ হৈ নাযায় বা একো একোখন বিশ্ববিদ্যালয় গুৱাহাটী বা ডিব্রুগড বিশ্ববিদ্যালয়ৰ সমপর্যায়ৰ হৈ নাযায়, সময়ৰ প্রয়োজন হয় একো একোখন অনুষ্ঠান–প্রতিষ্ঠানে ঠন ধৰি উঠিবলৈ৷ কিন্তু কোনোবাই ইয়াৰ আৰম্ভণি কৰিব লাগিব৷ অন্যথা, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আদি স্থাপন কৰা কামটো অসম্ভৱেই হৈ থাকিলেহেঁতেন সেই সময়ৰ এই নতুনত্ব অনা বেছিভাগ কামৰ অন্তৰালৰ ব্যক্তিজনেই ড০ হিমন্ত বিশ্ব শর্মা৷ আৰু এই কামবোৰৰ জৰিয়তে অসমৰ চুকে–কোণে সাধাৰণ মানুহৰ আস্থাভাজন হৈ পৰিছিল ড০ হিমন্ত বিশ্ব শর্মা৷ জনপ্রিয়তাও বৃদ্ধি হৈছিল৷ সেই সুবাদতে ২০১১ চনৰ বিধানসভা নির্বাচনত কংগ্রেছ দলৰ নির্বাচনী প্রচাৰত অসমৰ প্রায় প্রতিটো সমষ্টিৰ চুকে–কোণে নির্বাচনী প্রচাৰ চলাইছিল ড০ হিমন্ত বিশ্ব শর্মাই৷ আনকি য’লৈ যাব পৰা নাছিল, তাৰ পৰা ম’বাইল ফোনেৰে সংযোগ স্থাপন কৰিছিল ড০ হিমন্ত বিশ্ব শর্মাৰে৷ ম’বাইল ফোনটো লাউড স্পীকাৰৰ সন্মুখত ধৰি ড০ হিমন্ত বিশ্ব শর্মাৰ ভাষণ শুনাইছিল সভাত উপস্থিত থকা ৰাইজক৷ সেইবাৰ নির্বাচনত একপ্রকাৰ সকলোকে আচৰিত কৰি ৰেকর্ডসংখ্যক আসন লাভ কৰি কংগ্রেছ দলে একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছিল৷
পৰৱর্তী সময়ত ৰাজনৈতিক বিসম্বাদৰ বাবে ড০ হিমন্ত বিশ্ব শর্মাই মন্ত্রীসভাৰ পৰা পদত্যাগ কৰিলে৷ প্রভাৱশালী, ক্ষমতাশালী এজন মানুহ যেন হঠাৎ ৰাজনীতিৰ পৰা আঁতৰি গ’ল৷ এই ঘটনাক বহু ৰাজনৈতিক সমালোচকে ড০ হিমন্ত বিশ্ব শর্মাৰ ৰাজনৈতিক জীৱনৰ ইতি পৰা বুলি অভিহিত কৰিলে৷ নিউজ চেনেলবোৰত আলোচনা হ’ল শিক্ষামন্ত্রী হোৱাটোৱেই যেন ড০ হিমন্ত বিশ্ব শর্মাৰ বাবে কাল হ’ল, কাৰণ পূর্বৰ বহুকেইজন শিক্ষামন্ত্রীৰ পৰৱর্তী ৰাজনৈতিক জীৱন সুখকৰ নাছিল৷ পূর্বৰ বৃন্দাবন গোস্বামীৰ পৰা আৰম্ভ কৰি থানেশ্বৰ বডো, পংকজ বৰা, ৰিপুণ বৰা, গৌতম বৰা আদিয়ে শিক্ষামন্ত্রীৰ দায়িত্ব লোৱাৰ পিছত পৰৱর্তী পর্যায়ত মন্ত্রী হ’ব পৰা নাই৷ কেইজনমানৰ ৰাজনৈতিক জীৱনেই সমাপ্ত হৈ গৈছিল শিক্ষামন্ত্রী হোৱাৰ পিছত৷ কাকতালীয়ভাৱে ড০ হিমন্ত বিশ্ব শর্মাও ব্যতিক্রম নহ’ল৷ শিক্ষামন্ত্রী হৈ যেন ড০ হিমন্ত বিশ্ব শর্মায়ো ৰাজনীতিৰ পৰা আঁতৰি আহিব লগা হ’ল৷ অসমৰ শিক্ষামন্ত্রীৰ পদটো যেন কিবা এটা কালিকা লগা– এনেদৰেও আলোচনা চলিল কিছুমান নিউজ চেনেলত৷ তাৰ কিছুদিনৰ পিছতেই ২০১৬ চনৰ নির্বাচনৰ আগে আগে ড০ হিমন্ত বিশ্ব শর্মাই কংগ্রেছ দলৰ পৰা পদত্যাগ কৰি সকলোকে স্তম্ভিত কৰি যোগদান কৰিলে বিজেপি দলত৷ তেওঁৰ লগত কংগ্রেছ দলৰ আন বহুকেইজন বিধায়কেও বিজেপি দলত যোগদান কৰিলে৷ ২০১৬ চনৰ নির্বাচনত বিজেপি দলৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে আকৌ আৰম্ভ কৰিলে নির্বাচনী প্রচাৰ, লগতে সভাবোৰত দি গ’ল নতুন নতুন প্রতিশ্রুতি৷ প্রতিশ্রুতি অনুসৰিয়েই উচ্চ শিক্ষাত অর্থনৈতিকভাৱে দুর্বল ছাত্র–ছাত্রীক বিনামূলীয়াকৈ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত নামভর্তিৰ সুযোগ দিলে৷ যি সময়ত ব্যয়বহুল হোৱাৰ বাবেই বহুতে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হয়, সেই সময়ত অসমত এনে পদক্ষেপ যুগান্তকাৰী হিচাপে পৰিগণিত হ’ল৷ যোৱা বছৰ আকৌ ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত ধনী–দুখীয়া নির্বিশেষে সকলোৱে বিনামূলীয়া নামভর্তিৰ সুযোগ পালে৷ আনকি অভিযান্ত্রিক, চিকিৎসা মহাবিদ্যালয়ৰ নামভর্তিও বিনামূলীয়া কৰি দিলে৷ তদুপৰি এখনৰ পিছত আনখন বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয় আদি নির্মাণ, একেলগে প্রায় ত্রিশ হাজাৰ প্রার্থীৰ মাজত নিযুক্তি–পত্র প্রদান আদি প্রায় অসম্ভৱ বুলি ভবা কামবোৰ যেন সৰু কথা হৈ পৰিল৷ এয়া নিশ্চয় চৰকাৰ এখনৰ প্রশংসনীয় পদক্ষেপ৷ এইবোৰ কামে সেই বিভাগবোৰৰ দায়িত্বত থকা মন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মাৰ প্রতি সাধাৰণ ৰাইজৰ আস্থা আৰু বিশ্বাস পুনৰ প্রতিপন্ন কৰিলে৷
এইখিনিতে উল্লেখ কৰা সমীচীন হ’ব যে ২০১৯ চনৰ শেষৰফালে হোৱা ‘কা’বিৰোধী আন্দোলনে সর্বানন্দ সোণোৱাল চৰকাৰখনৰ গাদী কঁপাই তুলিলে৷ প্রথম অৱস্থাত ৰাজ্যজুৰি আৰু পৰৱর্তী পর্যায়ত দেশজুৰি হোৱা প্রবল আন্দোলনে বিজেপি দল তথা বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্রতি ৰাইজৰ মাজত প্রচণ্ড ক্ষোভ আৰু ঘৃণাৰ জন্ম দিলে৷ মন্ত্রী, বিজেপি দলৰ বিধায়ক, নেতা–পালিনেতাসকলৰ্ বাহিৰ ওলাব নোৱাৰা অৱস্থা হ’ল৷ ধর্ণা, আন্দোলন, ক’লা পতাকা আদিৰ মুখামুখি হোৱাটো মন্ত্রীসকলৰ নিত্য নৈমিত্তিক ঘটনা হ’ল৷ ‘কা’ কিয় লাগে, তাকে লৈ ড০ হিমন্ত বিশ্ব শর্মাই চেনেলবোৰত বক্তব্য আগবঢ়াবলৈ আৰম্ভ কৰিলে৷ মুকলিকৈ ‘কা’ৰ সমর্থনত সমদল কৰি সন্মুখৰ পৰা নেতৃত্ব দিলে৷ আৰম্ভ হ’ল ‘কা’ৰ সমর্থনত প্রচাৰ৷
‘কা’বিৰোধী আন্দোলনে তীব্র ৰূপ ধাৰণ কৰাৰ সময়তে বিশ্বব্যাপী কাল ৰূপ ধাৰণ কৰা ক’ভিডৰ বাবে দেশত আৰম্ভ হয় লকডাউন৷ লগে লগে আকৌ আৰম্ভ হ’ল ক’ভিডৰ বিৰুদ্ধে সংগ্রাম৷ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মাই দিনে–নিশাই চিকিৎসা ব্যৱস্থাৰ তদাৰক কৰিলে৷ লগত ল’লে সতীর্থ মন্ত্রী পীয়ূষ হাজৰিকাক৷ ৰাইজক আশ্বস্ত কৰিলে৷ ‘কা’ আন্দোলনৰ সময়ত যিজন হিমন্ত বিশ্ব শর্মাক ৰাইজে সামাজিক মাধ্যমত তীব্র ভাষাৰে সমালোচনা কৰিছিল, সেই একেজন হিমন্ত বিশ্ব শর্মাক যেন প্রশংসাৰে ওপচাই পেলালে৷ জনপ্রিয় লেখিকা উৎপলা কৌৰে সামাজিক মাধ্যম ফেচবুকত লিখিলে– ‘এনেকুৱা সময়ত আমি হিমন্ত বিশ্ব শর্মাৰ দৰে মন্ত্রী এজন পাইছেছা, বেমাৰৰ ভয় ৫০ শতাংশ কমি গৈছে৷ সকলো ইমান ধুনীয়াকৈ মেনেজ কৰিছে’৷ বিশিষ্ট অভিনেত্রী, চিকিৎসক ডাঃ জাহানাৰা বেগমে লিখিলে– ‘স্থিতপ্রজ্ঞ আৰু বিচক্ষণ স্বাস্থ্যমন্ত্রীৰ হাতত অসম সুৰক্ষিত অনুভৱ কৰিছোঁ৷ ভগৱান, আমাক সহায় কৰা’ আৰু অনেকজনে মুকলিকৈ সামাজিক মাধ্যমৰ লগতে বাতৰিকাকত আদিত প্রবন্ধ প্রকাশ কৰি প্রশংসাৰে ওপচাই পেলালে৷ আনকি কেইদিনমান আগলৈকে সমালোচনা কৰি থকা বহুকেইটা বৈদ্যুতিন সংবাদ মাধ্যমতো ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ সাক্ষাৎকাৰ প্রচাৰ হ’ল৷ আচলতে বেয়া কামৰ বাবে যিদৰে এজন ব্যক্তিক সমালোচনাৰ প্রয়োজন, তেনেদৰে ভাল কামৰ বাবে প্রশংসাৰো প্রয়োজনীয়তা আছে৷ ইয়ে যিকোনো ব্যক্তিকে ভাল কাম কৰিবলৈ প্রেৰণা যোগায়৷
প্রতিটো নির্বাচনতেই ব্যতিক্রমী প্রচাৰেৰে ড০ হিমন্ত বিশ্ব শর্মাই ৰাইজৰ ওচৰ চাপে৷ কেতিয়াবা খোজ কাঢ়ি, কেতিয়াবা জীপৰ ওপৰত উঠি, কেতিয়াবা চাইকেল চলাই– মুঠতে বিভিন্ন পন্থাৰে ড০ হিমন্ত বিশ্ব শর্মাই প্রচাৰ চলায়৷ দেখিবলৈ পোৱা গৈছে– য’লৈ তেওঁ গৈছে, ৰাইজে আগুৰি ধৰিছে৷ শিশু, চেমনীয়া, যুৱক–যুৱতীৰ পৰা আৰম্ভ কৰি আবাল–বৃদ্ধ–বনিতাল৷ কোনোবাই গামোচা পিন্ধাইছে, কোনোবাই ফুল ছটিয়াইছে, কোনোবাই ওচৰলৈ গৈ এবাৰ চুই চাইছে, কোনোবাই ছেলফি লৈছে, কোনোবা বৃদ্ধাই সাবটি ধৰি চুমা খাইছে– মুঠতে য’লৈকে গৈছে, তাতেই পাইছে সাধাৰণ মানুহৰ মৰম–আদৰ– যিটো আচলতে ৰাজনীতি কৰা মানুহৰ ক্ষেত্রত দেখিবলৈ পোৱাটো কঠিন৷ সৌ সিদিনা মাজুলীত এচাম চেমনীয়াৰ হাতত ধৰি বিভিন্ন কথা পাতি খোজ কাঢ়ি গৈছে, যেন চেমনীয়াহঁতে নিজৰ আপোন ‘মামা’কজনকহে পাইছে৷ অতি আন্তৰিকতাৰে কথা পাতিছে চেমনীয়াহঁতে৷ এই দৃশ্য ইতিমধ্যে সামাজিক মাধ্যম, সংবাদ মাধ্যমত ভাইৰেল হৈছে৷ এনেদৰেই সাধাৰণ ৰাইজৰ মাজত জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছে ড০ হিমন্ত বিশ্ব শর্মাই৷ এয়া স্বীকাৰ কৰিব লাগিব যে আন বহু ৰাজনীতিকৰ য’ত চিন্তাৰ শেষ হয়, তাতেই ড০ হিমন্ত বিশ্ব শর্মাৰ চিন্তাৰ আৰম্ভণি হয়৷ এয়া সঠিক যে সাম্প্রতিক সময়ৰ আটাইতকৈ বিতর্কিত–সমালোচিত ৰাজনীতিকজনেই হ’ল ড০ হিমন্ত বিশ্ব শর্মা৷ তেওঁ বিতর্ক আৰু সমালোচনাৰ ঊর্ধ্বত গৈ ৰাইজৰ তেওঁৰ প্রতি থকা নিঃস্বার্থ মৰম–আৱেগক কেনেদৰে সন্মান জনাই ভৱিষ্যতৰ দিনত ৰাজনৈতিক ক্ষেত্রখনত আগবাঢ়ি যায়, সেয়াহে লক্ষণীয় হ’ব৷
লেখক কুমাৰ ভাস্কৰ বর্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রক
ফোনঃ ৭০০২১–১০৬৮৩

You might also like