নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সংগীতশিল্পী কুল বৰুৱা আৰু নাই, এৰি থৈ গ’ল বহু চিৰসেউজ গান

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ বিশিষ্ট সংগীতশিল্পী কুল বৰুৱা আৰু নাই। নিশা প্ৰায় ১.২০ বজাত শিলপুখুৰীস্থিত নিজা বাসভৱনত ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে।

অসমীয়া সংগীতজগতত অনবদ্য অৱদান যোগোৱা কুল বৰুৱা অল ইণ্ডিয়া ৰেডিঅ’ৰ এগৰাকী নিয়মীয়া শিল্পী আছিল। ১৯৩৮ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰা বৰুৱাই শ্বিলঙৰ পল’ফিল্ড এল পি স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ লগতে হাইস্কুলৰ শিক্ষা গ্ৰহণ কৰিছিল তেজপুৰ চৰকাৰী হাইস্কুলত।

ইয়াৰ পিছত কটন কলেজিয়েট আৰু বি বৰুৱা কলেজত শিক্ষাগ্ৰহণ কৰে। স্কুলীয়া জীৱনৰ পৰাই সংগীত চৰ্চা কৰা বৰুৱাই জন্ম দিছিল এক অৰ্কেষ্ট্ৰা দল মেল’ডিকা।

ইয়াৰ লগতে সংগীত শিল্পীগৰাকীয়ে কন্ঠদান কৰিছিল অসমীয়া ছবি পাপ আৰু প্ৰায়চিত্ত, সাদৰী, সেন্দুৰ, শ্ৰীমতী-মহিমাময়ী, প্ৰভাতী পখীৰ গান আদিত। ইয়াৰ লগতে ‘তেনেকৈ নেচাবা, আজলি ছোৱালী’, ‘মনকে জুখিবলৈ নাইতো নাচনী’, ‘কেনেকৈ বুজাও মই ক’বকে নোৱাৰো’, ‘জুমি জুমি চোৱা তুমি’, ‘শেৱালি পাহিয়ে কোমল মিচিকি হাঁহিৰে’ আদি গীতত কণ্ঠ নিগৰোৱা কুল বৰুৱাই জয়ন্ত হাজৰিকাৰ সৈতে অসমীয়া বিখ্যাত গান ‘ৰম্ভা, মেনকা কিম্বা যুতিকা’তো কণ্ঠ দিছিল।

এনে এগৰাকী মহান শিল্পীৰ মৃত্যুত আজি ৰাজ্যখন শোকত আচ্ছন্ন। অসমৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো আজি টুইটযোগে শোক ব্যক্ত কৰে শিল্পীগৰাকীৰ মৃত্যুত।

মন্ত্ৰীগৰাকীয়ে কয়- ‘বিশিষ্ট সংগীত শিল্পী কুল বৰুৱাদেৱৰ মৃত্যুৰ বাতৰি পাই শোকস্তব্ধ হৈ পৰিছো৷ বহু কালজয়ী গীতেৰে অসমৰ সংগীত জগতখনক সমৃদ্ধ কৰি যোৱা বৰুৱাদেৱৰ বিয়োগ এক অপূৰণীয় ক্ষতি ৷ প্ৰয়াত কুল বৰুৱাদেৱৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ ৷’

You might also like