ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য পুনৰ বাঢ়িল ২৫ টকা
নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ পেট্র’ল আৰু ডিজেলৰ অভিলেখকাৰী মূল্যবৃদ্ধিৰ সমান্তৰালকৈ ৰন্ধন গেছৰ মূল্যবৃদ্ধিও অব্যাহত আছে৷ বুধবাৰৰ মাজনিশাৰে পৰা কার্যকৰী হোৱাকৈ
প্রতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ২৫ টকা বৃদ্ধি কৰা হৈছে৷ ইয়াকে লৈ চলিত ফেব্রুৱাৰী মাহত তিনিবাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি কৰা হ’ল৷ কার্যতঃ মাহটোত প্রতিটো চিলিণ্ডাৰত ১০০ টকা বৃদ্ধি কৰা হৈছে৷ আন্তর্জাতিক বজাৰত ইন্ধনৰ মূল্যবৃদ্ধিক লৈ দেশৰ ৰন্ধন গেছৰ মূল্য পুনৰীক্ষণ কৰা ৰাজহুৱা মার্কেটিং কোম্পানী ইণ্ডিয়ান অইল কর্প’ৰেচন, বি পি চি এল আৰু এইচ পি চি এলে আজি প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫ টকাকৈ বৃদ্ধি কৰে৷ এই বৃদ্ধিৰে দেশৰ ৰাজধানী নতুন দিল্লীত প্রতিটো চিলিণ্ডাৰৰ মূল্য ৭৯৪ টকা, চেন্নাইত ৮১০ টকা, মুম্বাইত ৭৯৪ টকা আৰু হায়দৰাবাদত ৮৪৬ টকা৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অসমত প্রতিটো গেছৰ চিলিণ্ডাৰ মূল্য ৮৪৩ টকা৷ জানুৱাৰী মাহত প্রতিটো চিলিণ্ডাৰৰ মূল্য আছিল ৭৪৩ টকা৷ উল্লেখ্য যে ইয়াৰ পূর্বে ৪ ফেব্রুৱাৰীত ২৫ টকা আৰু ১৫ ফেব্রুৱাৰীত ৫০ টকা বৃদ্ধি কৰা হৈছিল৷ লক্ষণীয় যে ২০২০ বর্ষৰ ডিচেম্বৰ মাহত দুবাৰ মূল্যবৃদ্ধি হোৱা মাহটোত প্রতিটো চিলিণ্ডাৰত ১০০ টকা বৃদ্ধি কৰা হৈছিল৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে আন্তর্জাতিক বজাৰত প্র’পেন আৰু ৱটেনৰ মূল্য আৰু প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্যৰ আধাৰত ৰাজহুৱা মার্কেটিং কোম্পানীয়ে ইন্ধনৰ মূল্য নির্ধাৰণ কৰি আহিছে৷