নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেউজ ন্যায়াধিকৰণৰ নির্দেশ সত্ত্বেও স্থানান্তৰ নহ’ল বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ নির্দেশৰ পিছতো বিগত ১০ মাহে স্থানান্তৰ কৰা নহ’ল বৰাগাঁওস্থিত ডাম্পিং গ্রাউণ্ড ৷ ন্যায়াধিকৰণৰ নির্দেশৰ পিছত কামৰূপ মহানগৰ জিলা প্রশাসন আৰু গুৱাহাটী পৌৰ নিগম তৎপৰ হৈ পৰিছিল যদিও সময়ৰ গতিত বিষয়টো তল পৰি থকা পৰিলক্ষিত হৈছে ৷ দীপৰ বিলৰ মাছ–কাছ আৰু জৈৱ বৈচিত্র্যলৈ ভাবুকি কঢ়িয়াই অনা বৰাগাঁওস্থিত ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰিবলৈ জিলা প্রশাসনে চন্দ্রপুৰ, বর্ণিহাট, বশিষ্ঠ আৰু আমগাঁৱত ভূমি পৰিদর্শন কৰিছিল ৷ কাৰিকৰী কাৰণত আমগাঁৱলৈ ডাম্পিং গ্রাউণ্ড স্থানান্তৰৰ বিষয়টো বাতিল কৰা হৈছিল যদিও চন্দ্রপুৰলৈ ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰি আৱর্জনা নিষ্কাশনৰ জৰিয়তে শক্তিলৈ ৰূপান্তৰ কৰাৰ এক প্রকল্প স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছিল ৷

জিলা প্রশাসনৰ নির্দেশ অনুসৰি পৌৰ নিগমৰ বিষয়া–কর্মচাৰীসক চন্দ্রপুৰৰ ঠাইডোখৰ পৰিদর্শন কৰি নতুনকৈ জাবৰ নিষ্কাশন প্রকল্প স্থাপনৰ বাবে প্রস্তুতি চলাইছিল ৷ কিন্তু চন্দ্রপুৰবাসীৰ তীব্র প্রতিক্রিয়াৰ লগতে ধাৰাবাহিক আন্দোলনৰ আগত সেও মানি চন্দ্রপুৰলৈ ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰাৰ বিষয়টো সাময়িকভাৱে স্থগিত ৰাখে ৷ অৱশ্যে পৌৰ নিগমে ডাম্পিং গ্রাউণ্ড স্থানান্তৰৰ বাবে বিকল্প স্থানৰ সন্ধান কৰিছে যদিও উপযুক্ত ভূমিৰ অভাৱত ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰিব পৰা নাই ৷ উল্লেখ্য যে দীপৰ বিলৰ জৈৱ–বৈচিত্র্যৰ প্রতি অহা ভাবুকিৰ প্রতি লক্ষ্য ৰাখি ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে বিগত মার্চ মাহত প্রশাসনক তিনি মাহৰ সময়সীমা বান্ধি দি বৰাগাঁৱৰ পৰা ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰাৰ নির্দেশ দিছিল ৷ ন্যায়াধিকৰণৰ নির্দেশৰ পিছত চৰকাৰ–প্রশাসনে তৎপৰতাৰে ২০০৪ চনৰ পৰা চলি থকা ডাম্পিং গ্রাউণ্ডটো স্থানান্তৰৰ বাবে প্রচেষ্টা অব্যাহত ৰাখে ৷ কিন্তু চন্দ্রপুৰবাসীয়ে ব্যাপক প্রতিবাদ সাব্যস্ত কৰাৰ পিছত বিষয়টো গেঠেলা মাৰি থকা পৰিলক্ষিত হৈছে ৷

You might also like