নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেহৰু ষ্টেডিয়ামৰ সমীপত ড্রাগছ–সুৰাৰ মুকলি বেহা

মহানগৰ আৰক্ষী প্রশাসনৰ নির্লিপ্ত ভূমিকাত ক্ষুব্ধ জনতা

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ মহানগৰ আৰক্ষীৰ চকুত ধূলি দি গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অসাধু চক্রই ড্রাগছ আৰু সুৰাৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে ৷ শেহতীয়াকৈ এটা অসাধু চক্রই উলুবাৰীৰ নেহৰু ষ্টেডিয়ামৰ সমীপত ড্রাগছ আৰু সুৰাৰ মুকলি বেহা চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি উলুবাৰী বি বৰুৱা ৰোড আৰু পল্টন বজাৰ সংযোগী পথত এই অসাধু চক্রটোৱে ড্রাগছ আৰু বিলাতী সুৰাৰ ব্যৱসায় চলাই আহিছে ৷ দীর্ঘদিন ধৰি একাংশ অসাধু আবকাৰী বিষয়া আৰু পল্টন বজাৰ থানাৰ আৰক্ষীক মেনেজ কৰি এই অসাধু চক্রটোৱে হৰিজন কলনীত মুকলিকৈ ড্রাগছ আৰু সুৰাৰ ব্যৱসায় চলাই আহিছে ৷ আৰক্ষী আৰু আবকাৰী বিষয়াৰ ছত্রছায়াত ড্রাগছ আৰু মেঘালয়ৰ সুৰাৰ ব্যৱসায় চলোৱা চক্রটোৱে আনকি যোৱা ৯ ডিচেম্বৰৰ পৰা গুৱাহাটীত চলা ‘কা’বিৰোধী আন্দোলনৰ মাজতো মুকলিকৈ ব্যৱসায় চলাই অহাৰ অভিযোগ উঠিছে ৷

হৰিজন কলনীত এই অসাধু চক্রটোৱে ১১ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈকে সান্ধ্য আইন বলৱৎ থকাৰ সুযোগ লৈ মেঘালয়ৰ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাইছিল ৷ আবকাৰী বিভাগে খানাপাৰাত মেঘালয়ৰ সুৰাৰ বিৰুদ্ধে তীব্র অভিযান চলোৱাৰ মাজতে উলুবাৰীৰ হৰিজন কলনীত সান্ধ্য আইনৰ মাজতে মুকলিকৈ মেঘালয়ৰ সুৰা বিক্রী কৰি অহাক লৈ আৰক্ষী আৰু আবকাৰী বিভাগৰ ভিতৰচ’ৰাত তীব্র জোকাৰণিৰ সৃষ্টি হৈছিল ৷ কিন্তু মোটা অংকৰ ধনৰ বিনিময়ত আৰক্ষী আৰু আবকাৰী বিভাগে সমগ্র বিষয়টো গাপ দিছিল ৷ আৰক্ষী আৰু আবকাৰী বিভাগৰ ছত্রছায়াত উলুবাৰী হৰিজন কলনীত চলি থকা অবৈধ সুৰা ব্যৱসায়ৰ সমান্তৰালকৈ এই অসাধু চক্রটোৱে মুকলিকৈ এতিয়া ড্রাগছৰ বেহা চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উলুবাৰী হৰিজন কলনীত ড্রাগছ আৰু সুৰাৰ অবৈধ বেহা চলাই থকা চক্রটোক উৎখাত কৰাৰ বাবে মহানগৰ আৰক্ষী আৰু জিলা প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

You might also like