ইথিঅ’পিয়াৰ টিগ্রেৰ নাৰকীয় আতিশয্যৰ ঘটনাত ক্ষুব্ধ আমেৰিকা
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ইথিঅ’পিয়াৰ উত্তৰ প্রান্তৰ টিগ্রে অঞ্চলত নিৰীহ জনতাৰ ওপৰত সংঘটিত নাৰকীয় আতিশয্যৰ ঘটনাক লৈ তীব্র ক্ষোভ প্রকাশ কৰিছে আমেৰিকাই৷
আমেৰিকাই এই আতিশয্যৰ ঘটনাক গৰিহণা দিয়াৰ উপৰি আফ্রিকান ইউনিয়নক পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আহ্বানো জনাইছে৷
আমেৰিকাৰ বিদেশ সচিব এণ্ট’নী ব্লিংকেনেৱ এক বিবৃতিত উল্লেখ কৰিছে যে ভয়াৱহ মানৱীয় সংকট চলি আছে ইথিঅ’পিয়াৰ টিগ্রে অঞ্চলত৷ ইতিমধ্যে আন্তর্জাতিক মানৱ অধিকাৰ সংস্থা এমনেষ্টিয়ে অভাৱনীয় পৰিস্থিতি সংঘটিত হোৱা বুলি এক প্রতিবেদনত উল্লেখ কৰিছে৷
বিগত চাৰি মাহৰ ভিতৰত টিগ্রেত কেইবাশও লোক সংঘর্ষত নিহত হোৱাৰ উপৰি কেইবাহাজাৰেও ঘৰ এৰি পলায়ন কৰিছে৷