সুভ্যাস আৰু নিয়মানুৱর্তিতা– এই দুটা শব্দ পৰস্পৰ সম্পর্কিত আৰু পৰিশীলিত মানুহৰ জীৱনৰ অংগাংগী শব্দ৷ এই শব্দ যুগলৰ বিষয়ে ব্যক্তিগত জীৱনত অধিকাংশ লোকেই কথা পতাৰ বাবে আগ্রহী নহয় বা এই বিষয়ত চিন্তা–চর্চা ভাল পায়৷ শব্দবোৰ যেন বহু সময়ত বহুজনৰ বাবে বিৰক্তিকৰ আৰু ব্যক্তিগত স্বতন্ত্রতা ভংগকাৰী শব্দ৷ অথচ এই বিশ্বত এনে মানুহো নাই, যি এই দুটা শব্দৰ বলিষ্ঠ প্রভাৱক নুই কৰিব পাৰে৷ এই কথাও সকলোৱে সত্য বুলি জানে যে এই দুটা গুণৰ প্রভাৱতহে মানুহৰ উত্তৰণ হয় আৰু সাফল্যই দীর্ঘম্যাদিত্ব লাভ কৰে৷ দুয়োটাকে জীৱনত অধিক ফলপ্রসূভাৱে ব্যৱহাৰ কৰাৰ সহজ উপায় হ’ল এবাৰত কেৱল এটা বিশেষ ক্ষেত্রতহে নিয়মানুৱর্তিতাৰ এটা অভ্যাস গঠন কৰাত মনোযোগ দিয়ক৷ আৰু এইদৰে সূচনা কৰক এক বৃহৎ সাফল্য৷ কেৱল সেই কামৰ বাহিৰে জীৱনৰ আন সকলোবোৰ ক্ষেত্র মুকলিভাৱে চলি থাকিব৷ অর্থাৎ নিয়মানুৱর্তিতা মানে মানুহে ভবাৰ দৰে এক বান্ধোনত সোমাই পৰা, স্বতন্ত্রতাৰ হৰণ বা পৰাধীনতা নহয়৷ প্রকৃততেই কেৱল এটা কামৰ বাহিৰে আন সকলো ক্ষেত্রৰ স্বাধীনতাৰ দুৱাৰ মুকলি কৰাৰ বাটহে৷
ইতিমধ্যেই আলোচনা কৰা হৈছে যে একোটা নতুন অভ্যাস গঠনৰ বাবে অন্ততঃ ৬৬ দিনৰ অবিৰত নিয়মানুৱর্তিতা পালন কৰিবই লাগিব৷ সুখৰ বিষয়টো হ’ল নির্বাচিত কার্যবিধ সম্পূর্ণ দৃঢ় অভ্যাসলৈ পৰিৱর্তিত হোৱাৰ লগে লগে নিয়মানুৱর্তিতাৰ প্রয়োজন কমি যায়, কাৰণ তেতিয়ালৈ অভ্যাসেই সকলোবোৰ কান্ধ পাতি ল’ব৷ অকল সিমানেই নহয়, অভ্যাসে স্বয়ংক্রিয়ভাৱে কেতবোৰ কাম সম্পাদন কৰি দি একো মনোযোগ ব্যৱহাৰ নকৰাকৈয়ে নিয়মানুৱর্তিতাও বজাই ৰাখে৷ স্বয়ংক্রিয় হোৱাৰ বাবে অভ্যাসে আমাৰ মগজুক কামটোৰ চিন্তাৰ পৰা ৰেহাই দিয়ে আৰু অন্য চিন্তা কৰাৰ বাবে মুক্ত অৱকাশ প্রদান কৰে৷ কথাষাৰ বাৰু ভাল লগা নহয়নে?
পুৱা সদায় একে সময়তে উঠি যদি কাৰোবাৰ দ্রুতগতিত খোজ কঢ়াৰ অভ্যাস, তেন্তে তেনে লোকৰ বাবে পুৱা উঠা বা খোজ কঢ়া কথাত মনোনিৱেশৰ প্রয়োজন নহয়, সাৰ পোৱা, ওলাই যোৱা আদিবোৰ আপোনা–আপুনি হৈ যায়৷ ওপৰঞ্চি তেওঁ আনন্দমনে আন চিন্তা কৰিব পাৰে৷ প্রকৃতিৰ নৈসর্গিক শোভা পান কৰিব পাৰে বা নতুন সপোনৰ কথা সেই সময়তে ৰচনা কৰিব পাৰে৷ পুনৰাই আন কাৰোবাৰ যদি ঘৰ সৰা বা কাপোৰ জপাৰ পুৰণি অভ্যাস, তেওঁ ঘৰ সাৰি বা কাপোৰ জাপিও আন কথাৰ চিন্তা–ভাবনা কৰি থাকিব পাৰে৷ কাৰণ অভ্যাসে স্বয়ংক্রিয়ভাৱে মগজুক মুক্ত কৰি দিয়ে আন কামৰ বাবে৷
সফলতাৰ বাবে প্রয়োজন হোৱা তিনিটা মূল গুণৰাশি হৈছে– এক লক্ষ্যত কেন্দ্রীভূত সাধনা, সেই কর্মতে উৎসর্গা আৰু তৃতীয় শৃংখলাবদ্ধতা (বা নিয়মানুৱর্তিতা)৷ এই তিনি গুণৰ সমাহাৰ ঘটিলে সফলতাই শিখৰত আৰোহণ কৰে৷ কিন্তু এই গুণসমূহ আর্জনৰ বাবে প্রয়োজন হয় আৱেগ আৰু অভ্যাসৰ ওপৰত নিজৰ নিয়ন্ত্রণ৷ মানুহৰ আত্মনিয়ন্ত্রণৰ ক্ষমতাইহে জ্ঞান, সক্ষমতা, শক্তি আৰু পাৰদর্শিতাক সুসংবদ্ধ কৰে আৰু অন্তৰত নিহিত সম্পূর্ণ দীপ্তি ফুটাই তোলে৷ প্রকৃতার্থত নিয়ন্ত্রণ নহ’লে মানুহৰ সামর্থ্য, শক্তি, সক্ষমতা সকলোবোৰ থাকিও নিৰর্থক হৈ পৰে৷ অনিয়ন্ত্রিত বিশাল শক্তিৰো কোনো মূল্য নাই৷
হেৰী এমার্ছন ফছডিকে কৈছিল– কোনো বাষ্প বা গেছক আটক নকৰালৈকে সি কোনো যান–বাহন চলোৱাৰ কামত নাহে৷ কোনো নায়েগ্রাৰ জলপ্রপাত পোহৰ আৰু শক্তিলৈ পৰিৱর্তিত নহয়, যদিহে তাৰ জলৰাশিক বিশেষ পদ্ধতিৰে সুৰংগৰ মাজেদি পাৰ কৰা নহয়৷ প্রিয় পাঠক, কোনো জীৱনেই বিকশিত নহয়, যেতিয়ালৈকে ইয়াক আত্মনিয়ন্ত্রণেৰে কেন্দ্রীভূত কামত উৎসর্গিত আৰু শৃংখলাবদ্ধ কৰা নহয়৷
কৃতিত্ব বা সফলতা প্রকৃতার্থত আৰম্ভণিতেই নিয়মানুৱর্তিতাৰে গঠন কৰা কিছুমান অভ্যাসৰ ফচল৷ সফলতা সন্ধানী পাঠক, আপুনি যদিহে প্রতীয়মাণ হৈছে, তেন্তে সফলতাৰ সন্ধান নহয়– সন্ধান কৰক এক সঠিক অভ্যাসৰ৷ ইয়াক গঢ় দিয়ক এক স্বনির্বাচিত শৃংখলাবদ্ধতাৰে৷ সফলতাইহে আপোনাক বিচাৰি উলিয়াব৷ উলিয়াবই৷
অভ্যাসে মানুহৰ জীৱনৰ সাফল্যৰ দিক্ নির্ণয় কৰে৷ নতুন অভ্যাস গঢ় দিয়াৰ পক্ষত আমি ইতিমধ্যে প্রতীয়মাণ হৈছোঁ৷ পাঠকে কেতিয়াবা প্রশ্ণ কৰে– ‘নতুন অভ্যাস গঢ়াৰ কথা মন মেলিলেও শেষলৈ সি নহয়গৈ৷ ই বৰ জটিল কাম৷ প্রচেষ্টা ফলপ্রসূ কৰাৰ কেইটামান টিপ্ছ দিব নেকি?’ সেয়েহে এই প্রবন্ধত সঠিক অভ্যাস গঠন কৰিবৰ বাবে সহায়ক হোৱা কেইটামান উপায় তলত দিয়া হ’ল–
ক) এটা সময়ত বা এবাৰত এটাহে অভ্যাস গঠন কৰক আৰু সমস্ত মনোযোগ তাতে প্রদান কৰক– সমস্ত শক্তি তাতে সুসংবদ্ধ কৰক৷
খ) সকলো ক্ষেত্রতে নিয়ন্ত্রণ আৰু শৃংখলাবদ্ধতা অনাৰ চেষ্টা নকৰিব৷ তেনেধৰণৰ চেষ্টা কৰিলে জীৱন বিৰক্তিকৰ হৈ পৰিব৷ কেৱল বাছি লোৱা অভ্যাসৰ গঠনৰ বাবেহে সেই এক ক্ষেত্রতহে কঠোৰ নিয়মানুৱর্তিতা পালন কৰক৷
গ) স্বয়ংক্রিয় আৰু দৃঢ় অভ্যাস হোৱালৈকে সম্পূর্ণ সময় দিয়ক, মনোযোগ আৰু নিয়মানুৱর্তিতা অটুট ৰাখক৷
ঘ) জীৱনৰ পৰিক্রমা যিয়েই নহওক, মানুহে সদায় ভাল অভ্যাস গঠনেৰে দৃঢ়, সবল, সুন্দৰ ব্যক্তিত্বৰ গৰাকী হোৱাৰ হেঁপাহ পুহি ৰাখে৷ মানুহৰ অন্তৰৰ নিভৃতত থকা সদিচ্ছাক ভৰসা কৰক আৰু অন্তহীন আশা পোষণ কৰক৷