নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯৯৭ চনৰ পিছত দিল্লীত ডিচেম্বৰত সর্বাধিক ঠাণ্ডাৰ অভিলেখ

নতুন দিল্লী, ২6 ডিচেম্বৰঃ দেশৰ ৰাজধানী দিল্লীত বর্তমান অতিপাত ঠাণ্ডাই কোঙা কৰিছে জনসাধাৰণক৷ আজি পুৱা কুঁৱলীয়ে ঢকা দিল্লীত তাপমাত্রা ৫.৪ ডিগ্রী চেলচিয়াছলৈ হ্রাস পায়৷

এইবাৰ ডিচেম্বৰ মাহত দিল্লীত ঠাণ্ডাৰ পৰিমাণ অত্যন্ত বৃদ্ধি পাইছে৷ ১৯৯৭ চনৰ পিছত দেশৰ ৰাজধানীত ডিচেম্বৰত প্রথমবাৰৰ বাবে সর্বাধিক ঠাণ্ডাৰ অভিলেখ সৃষ্টি হৈছে৷

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্রৰ মতে ১৯৯৭ চনত দিল্লীত ডিচেম্বৰত সর্বাধিক ১৭ দিন অতিপাত ঠাণ্ডা হৈছিল৷ এইবাৰ ৰাজধানীত ১০ দিন ধৰি অতিপাত ঠাণ্ডাৰ অভিলেখ সৃষ্টি হৈছে৷

কালি দিল্লীত সর্বাধিক তাপমাত্রা আছিল ১৫ ডিগ্রী চেলচিয়াছ৷ উল্লেখ্য যে চলিত ডিচেম্বৰত দিল্লীৰ কাষৰীয়া নইদা, গাজিয়াবাদ, ফৰিদাবাদ আৰু গুৰগ্রামতো ঠাণ্ডাৰ প্রকোপ বৃদ্ধি পাইছে৷

You might also like