নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ডৰ ৮১ বিধায়কৰ ৪১জনৰ বিৰুদ্ধেই আছে গোচৰ

নিউজডেস্ক, ২৬ ডিচেম্বৰঃ সদ্যসমাপ্ত ঝাৰখণ্ড বিধানসভা নির্বাচনৰ পূর্বে মনোনয়ন–পত্র দাখিলৰ সময়ত দিয়া শপতনামা অনুসৰি ৰাজ্যখনত জয়ী হোৱা ৮১জন বিধায়কৰ বিপৰীতে ৪১জন বিধায়কৰ বিৰুদ্ধে আছে অপৰাধজনিত গোচৰ৷

শাসনলৈ অহা ঝাৰখণ্ড মুক্তি মর্চাৰ নৱনির্বাচিত ৩০জন বিধায়কৰ ১৭জনৰ বিৰুদ্ধেই আছে অপৰাধজনিত গোচৰ৷

আনহাতে, কংগ্রেছ দলৰ ১৬জন বিধায়কৰ ৮জনৰ বিৰুদ্ধে আছে এনে গোচৰ৷ ইফালে, বিজেপিৰ নির্বাচিত ২৫জন বিধায়কৰ ভিতৰত ১১জনৰে বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ৷

ইফালে, নৱনির্বাচিত ৮১জন বিধায়কৰ ভিতৰত ৫৩জনেই কোটিপতি হোৱাৰ বিপৰীতে ৫৯ শতাংশ বিধায়ক স্নাতক বা ততোধিক উচ্চ শিক্ষাৰে শিক্ষিত৷

You might also like