নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ বছৰৰ পিছত পুনৰ ক’টত দেখা যাব ছানিয়া মির্জাক

নিউজডেস্ক, ২৬ ডিচেম্বৰঃ সুদীর্ঘ ৪ বছৰৰ পিছত ভাৰতীয় ফেড কাপ দলটোলৈ উভতিল তাৰকা ডাবলছ খেলুৱৈ ছানিয়া মির্জা৷ ২০১৬ চনত অন্তিমবাৰৰ বাবে ফেড কাপ খেলা ছানিয়াক ফেড কাপৰ বাবে ঘোষিত ভাৰতীয় পাঁচজনীয়া দলটোত অন্তর্ভুক্ত কৰা হৈছে৷

ফেড কাপত ছানিয়া মির্জা

উল্লেখ্য যে ২০১৭ চনৰ অক্টোবৰৰ পৰা ক’টৰ পৰা আঁতৰি থকা ছানিয়াই ইউক্রেইনৰ নাডিয়া কিছেনকৰ সৈতে যুটি বান্ধি হবার্ট ইণ্টাৰনেচনেল অ’পেন টেনিছত ভাগ ল’ব৷

ইফালে, ফেড কাপৰ বাবে ঘোষিত ভাৰতীয় দলটোত ছানিয়াৰ উপৰি স্থান লাভ কৰা আনকেইগৰাকী খেলুৱৈ হ’ল– অংকিতা ৰাইনা, ৰিয়া ভাটিয়া, ৰুতুজা ভোষলে আৰু কাৰনাম কৌৰ থাণ্ডি৷

দলটোত অধিনায়ক আৰু প্রশিক্ষক হিচাপে থাকিব প্রাক্তন ডেভিছ কাপ খেলুৱৈ বিশাল উপ্পল আৰু প্রাক্তন ফেড কাপ খেলুৱৈ অংকিতা ভামব্রি৷

You might also like