নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ : আজি আন্তৰ্জাতিক নাৰী দিৱস ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নাৰী শক্তিক প্ৰশংসা কৰি টুইটযোগে কয়, “আন্তৰ্জাতিক মহিলা দিৱসত আমাৰ #NariShakti ক শুভেচ্ছা জনাইছো। দেশৰ মহিলাসকলৰ সাফল্যৰ কাৰণে ভাৰতে গৌৰৱ অনুভৱ কৰে। বিভিন্ন খণ্ডত মহিলা সবলীকৰণক অধিক আগুৱাই অনাৰ বাবে কাম কৰাৰ সুযোগ পোৱাটো আমাৰ চৰকাৰৰ সন্মান।”
Saluting our indomitable #NariShakti on International Women’s Day! India takes pride in the many accomplishments of the women of our nation. It is our Government’s honour to be getting the opportunity to work towards furthering women empowerment across a wide range of sectors.
— Narendra Modi (@narendramodi) March 8, 2021