নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিয়াত ইৰানী গ্রুপৰ দুজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ আসন্ন অসম বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত বহিঃৰাজ্যৰ অপৰাধ চক্রই বাহৰ পাতিছে গুৱাহাটী মহানগৰীত৷ বিশেষকৈ মহানগৰবাসীক লুট কৰাৰ বাবে মহানগৰীত শেহতীয়াকৈ ইৰানী গ্রুপৰ সদস্যই বাহৰ পাতিছে৷  মহানগৰীৰ জটিয়াৰ পৰা দিছপুৰ আৰক্ষীয়ে বহিঃৰাজ্যৰ দুটা ইৰানী গ্রুপৰ সদস্যক গ্রেপ্তাৰ কৰে৷ ধৃত ইৰানী গ্রুপৰ সদস্য দুটা ক্রমে বিহাৰৰ কাটিহাৰা জিলাৰ ৰাজ সিং (৩০) আৰু ৰাজেশ সিং (২৭) বুলি জানিব পৰা গৈছে৷

আৰক্ষী সূত্রই জনোৱা মতে ধৃত ইৰানী গ্রুপৰ সদস্য দুটাই জটিয়াৰ পেট্র’ল পাম্পৰ সমীপত লুণ্ঠনৰ জাল পাতিছিল৷ আৰক্ষীয়ে গোপন সূত্রৰ ভিত্তিত পূব আৰক্ষী জিলাৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসৰ নেতৃত্বত লম্পট দুটাক গ্রেপ্তাৰ কৰে৷ ধৃত প্রৱঞ্চক দুটাৰ পৰা আৰক্ষীয়ে এ এছ–০১ ডি এছ ৮৩৯১ আৰু এ এছ ২৫–এন ০১৪৬ নম্বৰৰ দুখন পালছাৰ বাইক জব্দ কৰে৷

You might also like