নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ বিজেপিক প্রত্যাহ্বান জনাই তৃণমূল কংগ্রেছৰ একালৰ নেতা তথা বর্তমান গেৰুৱা দলটোৰ নন্দীগ্রামৰ প্রার্থী শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে নির্বাচনত অৱতীর্ণ হোৱা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে প্রচাৰ চলাবলৈ গৈ চাইৱালীৰ ভূমিকা গ্রহণ কৰিলে৷ মনোনয়ন পত্র দাখিলৰ এদিন পূর্বে নন্দীগ্রাম বিধানসভা সমষ্টিত পথত থকা চাহ দোকানত চাহ উতলোৱাৰ লগতে বিক্রী কৰে৷ চাহ বিপণীখনত থাকিয়েই স্থানীয় লোকৰ সৈতে বার্তালাপ কৰাৰ লগতে মুখ্যমন্ত্রী বেনার্জীয়ে চাহৰ যোগান ধৰে৷ এই ভিডিঅ’ প্রচাৰ হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হৈছে৷ ভিডিঅ’ ফুটেজত প্রত্যক্ষ কৰা মতে মুখ্যমন্ত্রী বেনার্জীয়ে কাগজৰ কাপত চাহ ঢ়ালি থকা দেখা গৈছে৷ ডাঙৰ কেটলি এটাৰ পৰা চাহ ঢ়ালি থকা অৱস্থাত তেওঁৰ কাষত কেইবাজনো লোকে ভিৰ কৰি থকা দেখা গৈছে৷
মন কৰিবলগীয়া যে পশ্চিমবংগ বিধানসভা নির্বাচনত এইবেলি কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিৰ সৈতে তৃণমূল কংগ্রেছৰ তুমুল প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে৷ নির্বাচনৰ প্রাক্ক্ষণত কেইবাগৰাকীও মন্ত্রী আৰু বিধায়কে তৃণমূল কংগ্রেছ এৰি বিজেপিত যোগদান কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি বিজেপিৰ শীর্ষ নেতাসকলে পশ্চিমবংগত নির্বাচনী প্রচাৰ চলাই আছে৷ পুনৰবাৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ লক্ষ্যৰে মুখ্যমন্ত্রী বেনার্জীয়ে নির্বাচনী প্রচাৰত অধিক গুৰুত্ব দিছে৷ এই লৈয়ে নন্দীগ্রামত চাইৱালীৰ ৰূপত মমতা বেনার্জীয়ে নির্বাচনী চমক দিয়ে৷
উল্লেখ্য যে ইয়াৰ পূর্বেও মুখ্যমন্ত্রী বেনার্জীয়ে ২০১৯ চনৰ আগষ্টত জনতাক চাহ আগবঢ়াইছিল৷ দীঘাৰ দত্তপুৰ গাঁৱৰ এখন চাহ বিপণীত মুখ্যমন্ত্রী বেনার্জীয়ে চাহ উতলাই সেই চাহ স্থানীয় লোকক পৰিৱেশন কৰিছিল৷ প্রায় ডেৰ বছৰৰ মূৰকত পুনৰ নির্বাচনৰ প্রচাৰত মুখ্যমন্ত্রী বেনার্জীয়ে চাহ পৰিৱেশনেৰে চর্চাৰ মাজলৈ আহিছে৷