নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ১৮ মাহত সংঘটিত ৩,১৭৪৩৯টা চাইবাৰ অপৰাধৰ ঘটনা

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ দেশত বিগত ১৮টা মাহত সংঘটিত হৈছে ৩,১৭,৪৩৯টা চাইবাৰ অপৰাধৰ ঘটনা৷ এতিয়ালৈকে নেচনেল চাইবাৰ ক্রাইম ৰিপ’র্টিং প’র্টেলৰ জৰিয়তে অনলাইনত ৫,৭৭১ এজাহাৰ দাখিল হৈছে৷ লোকসভাত এই কথা সদৰী কৰিছে কেন্দ্রীয় মন্ত্রী জি কিষাণ ৰেড্ডীয়ে৷ মন্ত্রীগৰাকীয়ে উল্লেখ কৰা অনুসৰি মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত চাইবাৰ অপৰাধৰ ঘটনা সন্দর্ভত অভিযোগ লাভ কৰিবলৈ ২০১৯ চনৰ ৩০ আগষ্টত কেন্দ্রীয় গৃহ মন্ত্রালয়ে নেচনেল চাইবাৰ ক্রাইম ৰিপ’র্টিং প’র্টেল কার্যক্ষম কৰি তুলিছিল৷

মন্ত্রীগৰাকীয়ে লোকসভাত উল্লেখ কৰা অনুসৰি মহাৰাষ্ট্র আৰু কর্ণাটকত এই সময়ছোৱাত অধিক চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈছে৷ কর্ণাটকত ২১,৫৬২টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ৰাজ্যখনত এজাহাৰ ৰুজু হৈছে ৮৭টা ঘটনাত৷

ইফালে, মহাৰাষ্ট্রত ৫০,৮০৬টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈছে এই সময়ছোৱাত৷ ৰাজ্যখনত চাইবাৰ অপৰাধৰ বিৰুদ্ধে এজাহাৰ ৰুজু হৈছে ৫৩৪৷ অৱশ্যে এই অপৰাধ সংঘটিত কৰা অপৰাধীৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰিছে সেই সন্দর্ভত কোনো তথ্য প্রকাশ নকৰিলে মন্ত্রীগৰাকীয়ে৷

You might also like