নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০১৯ বৰ্ষৰ কোন কেইখন ছবিয়ে সৰ্বাধিক উপাৰ্জন কৰিলে ধন

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ চাওঁতে চাওঁতে নতুন বছৰ সমাগত পুৰণি বছৰ বিদায় দিবলৈ সকলো সাজু। পলকে ভুমিকিয়াই চাও বলিউদৰ সৰ্বাধিক উপাৰ্জন কৰা কেইবাখন ছবি। ২০১৯ বৰ্ষত বলিউদৰ কাৰণে বহু সফল বৰ্ষ বুলি কব পাৰি। দৰ্শকে উৰী আৰু আৰ্টিকেল ১৫ ৰ দৰে ছবি উপভোগ কৰিবলৈ সক্ষম হৈছিল। থোৰতে নিম্ন উপাৰ্জনকাৰী ছবিৰ পৰা সৰ্বাধিক উপাৰ্জনকাৰী ১০ খন ছবি।

১. ছুপাৰ ৩০- ₹২০৮.৯৩ কোটি

গণিতজ্ঞ আনন্দকুমাৰৰ জীৱনভিত্তিক ছবি ছুপাৰ ৩০ৰ কাহিনীয়ে দেশ বিদেশৰ দৰ্শকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে। ছবিখনত হৃত্বিক ৰৌশনে বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ হূদয় জিনিবলৈ সক্ষম হয়।

 

 

২. চিচৌৰে ₹২১২.৬৭ কোটি

শিক্ষা জীৱনক লৈ নিৰ্মিত ছবি চিচৌৰে দৰ্শকক খুব সুন্দৰ সমাজৰ প্ৰতি সুন্দৰ বাৰ্তা আগবঢ়াইছে। বিশেষকৈ হোষ্টেলৰ জীৱনটো খুব সুন্দৰ ভাৱে প্ৰতিফলিত হৈছে। ছবিখনত মুখ্য অভিনেতা হিচাপে অভিনয় কৰিছে সুশান্ত সিং ৰাজপুত আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে।

৩. টোটেল ধামাল ₹২২৮.২৭ কোটি

ধামাল ছিৰিজৰ ছবি টোটেল ধামালে দৰ্শকৰ মাজত হাস্য়ৰস যোগান ধৰিবলৈ সক্ষম হয়। বিশেষকৈ মাধুৰী দীক্ষিত আৰু অনিল কাপুৰৰ যুটি বহু বছৰৰ বিৰতিৰ অন্তুত ৰূপালী পৰ্দালৈ উভতি অহা দেখা যায়।

 

 

৪. গলী বয় ₹২৩৮.১৬ কোটি

জয়া আখতাৰৰ দ্বাৰা পৰিচালিত ছবি গলী বয়ে দৰ্শকক এক বিশেষ স্থান দিবলৈ সক্ষম হয়। মূল সুঁতিৰ বলিউদৰ ছবিৰ পৰা অলপ পৃথক ছবি দৰ্শকে উপভোগ কৰিবলৈ সক্ষম হয়। বিশেষকৈ মুম্বাই বস্তি অঞ্চলৰ যুৱক এজনৰ সপোনক লৈ নিৰ্মাণ কৰা হৈছিল ছবিখন। ছবিখনত বলিষ্ঠভাৱে অভিনয় কৰিছে ৰণবীৰ সিঙ আৰু আলিয়া ভট্টে।

৫ হাউচফুল ৪ ₹২৭৮.৭৮ কোটি

জনপ্ৰিয় হাউচফুল চিৰিজৰ ছবি হাউচফুল ৪ৰে দৰ্শকৰ মাজত পুনৰ দৰ্শকৰ মাজত হাস্য়ৰস প্ৰদান কৰিবলৈ সক্ষম হল। মূলত অভিনেতা অক্ষয় কুমাৰ, জনী লিভাৰ, ৰিতেশ দেশমুখে দৰ্শকক হাঁহিৰ খোৰাক জন্মাবলৈ সক্ষম হয়।

 

 

৬. মিছন মংগল ₹ ২৯০.০২ কোটি

বিদ্যা বালান, তপচ্চী পন্নু, সোনাক্ষী সিন্হা আৰু অক্ষয় কুমাৰে ভাৰতীয় মংগল অভিযানৰ ওুপৰত নিৰ্মিত ছবিখনক উপভোগ কৰিবলৈ দৰ্শকক ছবিগৃহ সমূহত ভিৰ পৰিলক্ষিত হয়।

 

 

৭. ভৰত ₹৩২৫.৫৮ কোটি

ইদৰ প্ৰাকক্ষণত মুক্তি লাভ কৰা ছলমীন খান আৰু কেটৰিণা কাইফক বহু বিৰতিৰ অন্তুত ৰূপালী পৰ্দাত অভিনয় কৰা দেখিবলৈ পোৱা গল। বিশেষকৈ দেশৰ স্বাধীনতাৰ বিভাজনৰ সময়ৰ এটি সৰু কাহিনী খুব সুন্দৰকৈ উপস্থাপন কৰা হয়।

 

৮. উৰীঃ দ্যা ছাৰ্জিকেল এটেক-₹৩৪২.০৬ কোটি

উৰী আক্ৰমণ আৰু তাৰ পিচত ভাৰতীয় সৈন্যবাহিনীৰ দ্বাৰা সীমা পাৰ কৰি ছাৰ্জিকেল ষ্ট্ৰাইকৰ পটভূমিত ছবি খন নিৰ্মাণ কৰা হৈছিল। ছবি খন সাৱলীল অভিনয় কৰি বিকী কৌশলে ৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলী আনিবলৈ সক্ষম হয়।

 

৯. কবীৰ সিঙ ₹৩৭৯.০২ কোটি

২০১৯ বৰ্ষত বলিউদৰ এখন বিতৰ্কিত ছবি। তেলেগু ছবি অৰ্জন ৰেড্ডীৰ ৰিমেক ছবি খনে দৰ্শকে আদৰি লয়। কবীৰ সিঙত শ্বাহিদ কাপুৰৰ অভিনয় ছবি সমালোচক সকলে একেমুখে প্ৰশংসা কৰিবলৈ বাধ্য হয়।

 

 

 

 

১০. ৱাৰ ₹৪৭৪.৭৯ কোটি

হৃত্বিক ৰৌশন আৰু টাইগাৰ শ্ৰুফ অভিনীত ছবি ৱাৰে বছৰটোত বলিউদত সৰ্বাধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হয়। বিশেষকৈ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব দুয়োজনক ছবিখনত একে লগে অভিনয় কৰা দেখা গল।

You might also like