নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হুইল চেয়াৰত বহি হাস্পতালৰ পৰা ঘৰমুৱা হ’ল মুখ্যমন্ত্রী মমতা বেনার্জী

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীক কলকাতাৰ চৰকাৰী এছ এছ কে এম হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে। চিকিৎসকৰ দলে তেওঁক আৰু ৪৮ ঘণ্টাৰ বাবে পৰ্যবেক্ষণত ৰাখিব বিচাৰিছিল যদিও মমতাই আজি ঘৰলৈ উভতি যাবলৈ অনুৰোধ কৰিছিল। চিকিৎসকসকলে তেওঁৰ অনুৰোধত সন্মত হৈ আজি তেওঁক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে।

উল্লেখ্য যে দুদিন পূৰ্বে নন্দীগ্রামৰ নির্বাচনী প্রচাৰ সভাত দলবদ্ধ আক্রমণৰ বলি হৈছিল পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী।

You might also like