নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত আশ্রয় ম্যানমাৰৰ ১১৬জনৰ

নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ সামৰিক অভ্যুত্থানৰ পিছত অস্থিৰ হৈ থকা ম্যানমাৰৰ পৰা ভাৰতৰ উত্তৰ–পূর্বাঞ্চলৰ গাঁও এখনত ১১৬জন লোকে আহি প্রৱেশ কৰিছে৷ যোৱা মাহত ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পিছতেই উত্তপ্ত হৈ পৰে দেশখনৰ পৰিস্থিতি৷ স্মর্তব্য যে ভাৰতৰ সৈতে ম্যানমাৰৰ ১৬৪৩ কিলোমিটাৰ সীমান্ত আছে৷ এই সীমান্ত অঞ্চলতেই আছে উত্তৰ–পূব ভাৰৰ কেইবাখনো ৰাজ্য৷ মিজোৰামৰ ফার্কাৱান নামৰ গাঁওখনত যোৱা মাহত ম্যানমাৰৰ পৰা পলায়ন কৰা লোকসকলে আশ্রয় লৈছে৷ তিয়াও নদী অতিক্রম কৰি মিজোৰামৰ গাঁওখনত এই লোকসকলে প্রৱেশ কৰা বুলি নতুন দিল্লী প্রশাসনে সদৰী কৰিছে৷

You might also like