মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ টিকট লাভৰ পিছতে পূব গুৱাহাটী সমষ্টিত আনন্দৰ বন্যা
বিশাল ৰেলীৰে মহানগৰীত নির্বাচনী ৰণডংকা;
নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ ৫৩নং পূব গুৱাহাটী সমষ্টিত পুনৰ বিজেপিৰ প্রার্থিত্ব মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই লাভ কৰাৰ পিছতেই সমষ্টিটোত বিজেপি শিবিৰত বৈছে আনন্দৰ বন্যা৷ আজি দলে আনুষ্ঠানিকভাৱে প্রার্থীৰ তালিকা প্রকাশ কৰাৰ পিছতেই প্রতিগৰাকী নেতা–কর্মী স্বতঃস্ফূর্তভাৱে ওলাই আহি মন্ত্রী সিদ্ধার্থ ভট্টাচার্যক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আতচবাজী ফুটাই আনন্দ–উল্লাসত মতলীয়া হৈ পৰে৷ হাজাৰ হাজাৰ সমর্থকে মন্ত্রী সিদ্ধার্থ ভট্টাচার্যক লগত লৈ বৰা ছার্ভিচৰ বাসগৃহৰ পৰা সমষ্টিটোত বিশাল শোভাযাত্রা উলিয়ায়৷ সমর্থকসকলে বৰা ছার্ভিচৰ পৰা জি এছ ৰোডেৰে গণেশগুৰি, গণেশ মন্দিৰ হৈ কাহিলিপাৰা, লালগণেশ, কুমাৰপাৰা, আঠগাঁও, কাছাৰী, লতাশিল, উজানবজাৰ, শিলপুখুৰী, চানমাৰি, গীতানগৰ হৈ আৰ জি বৰুৱা ৰোডেৰে গণেশগুৰি উৰণীয়া সেতুৰ তলেৰে উলুবাৰী হৈ বৰা ছার্ভিচত শোভাযাত্রাৰ সামৰণি মাৰে৷
মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই প্রার্থিত্ব লাভ কৰি সংবাদ মাধ্যমৰ জৰিয়তে ৰাষ্ট্রীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্ব আৰু পূব গুৱাহাটী সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই লগতে কয় যে গুৱাহাটী উন্নয়নৰ বাবে বিগত ৫টা বছৰত বহু কাম কৰা হৈছিল৷ আৰু কিছুমান কাম এতিয়াও আধাৰুৱা হৈ আছে৷ পূব গুৱাহাটী সমষ্টিৰ পৰা পুনৰ জয়ী হৈ আধৰুৱা কামখিনি সমাপ্ত কৰি নতুন নতুন আঁচনি ৰূপায়ণ কৰি সমষ্টিৰ লগতে গুৱাহাটী মহানগৰীক উত্তৰ–পূবৰে নহয়, ভাৰতবর্ষৰ এখন সুন্দৰ চহৰ হিচাপে প্রতিষ্ঠা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলোৱাৰ প্রতিশ্রুতি দিয়ে মন্ত্রীগৰাকীয়ে৷
লক্ষণীয় যে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক তথা মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই টিকট লাভ কৰাৰ পূর্বে কেন্দ্রীয় নেতৃত্বৰ নির্দেশমর্মে জনসম্পর্ক অভিযান, পদযাত্রা, চাইকেল ৰেলী আদি উলিয়াই সমষ্টিবাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল৷ সমষ্টিটোত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যক বিজেপি দলে টিকট প্রদান কৰিলে যদিও প্রধান বিৰোধী দল কংগ্রেছে এতিয়ালৈকে প্রার্থীৰ তালিকা ঘোষণা কৰা নাই৷ সমষ্টিটোত পংকজ বৰবৰা, অসীমা বৰদলৈ, ৰঞ্জন বৰা, মীৰা বৰঠাকুৰকে ধৰি ৬গৰাকী কংগ্রেছৰ প্রার্থিত্বৰ দৌৰত আছে৷ ৰাজনৈতিক পর্যবেক্ষকসকলৰ মতে পূব গুৱাহাটী সমষ্টিত বিজেপি প্রার্থী তথা মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ জয়ৰ সম্ভাৱনাই অধিক৷