বাহনত গতিবেগ ডিভাইছ বাধ্যতামূলক; পৰিবহণ বিভাগৰ নতুন নির্দেশনা
নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ দুর্ঘটনা প্রতিহত কৰিবলৈ কামৰূপ জিলা পৰিবহণ বিভাগে জাৰি কৰিছে নতুন নির্দেশনা৷ এতিয়াৰে পৰা প্রতিখন বাহনত থাকিব লাগিব স্প্রীড লিমিট ডিভাইছ৷ স্পীড লিমিট ডিভাইছ নথকা বাহনৰ চালকৰ বিৰুদ্ধে জৰিমনা বিহিব পৰিবহণ বিভাগে৷ ৮০ কিলোমিটাৰ বেগৰ ওপৰত গাডী চলাচল কৰিলেই এই নতুন ডিভাইছে নিয়ন্ত্রণ কৰিব গাডীৰ গতিবেগ৷ অর্থাৎ ৮০ কিলোমিটাৰৰ ওপৰত ৰাজপথত গাডী চলালেও স্পীড লিমিট ডিভাইছে নিয়ন্ত্রণ কৰিব গাডীৰ চালকক৷ এই কথা সদৰী কৰিছে কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসে৷
ইফালে, অহা ৩১ মার্চৰ ভিতৰত সকলো বাহনৰ চালকক কৰ পৰিশোধ কৰাৰ শেষ সীমা বান্ধি দিছে পৰিবহণ বিভাগে৷ মাজত মাত্র ১৫ দিন বাকী থকা অৱস্থাত সকলো বাহনৰ চালকক যাৱতীয় কৰ দিবলৈ পুনৰ আহ্বান জনায় পৰিবহণ বিভাগে৷ অন্যথা বাহনৰ চালকে দুগুণ হাৰত চৰকাৰক দিব লাগিব কৰসহ জৰিমনা৷
উল্লেখযোগ্য যে দেওবাৰে মহানগৰীৰ এবিচি পইণ্টত অনুষ্ঠিত এক সজাগতামূলক অনুষ্ঠানত এই কথা সদৰী কৰে এনফ’চমেণ্ট পৰিবহণ বিষয়া হিমাংশু দাসে৷ এই অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাংবাদিক প্রণয় বৰদলৈ, সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, সমাজকর্মী কৈলাস শর্মা, শিল্পী ৰাজা বৰুৱাই মহানগৰবাসীক নির্দিষ্ট সময়ৰ ভিতৰত কৰসমূহ পৰিশোধ কৰিবলৈ আহ্বান জনায়৷