নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ সমগ্র দেশ জোকাৰি যোৱা বাট্লা হাউছ সংঘর্ষত দিল্লী আৰক্ষী বিষয়াক হত্যাৰ অভিযুক্ত আৰিজ খানক অৱশেষত মৃত্যুদণ্ডৰ নির্দেশ দিলে স্থানীয় এখন আদালতে৷ যোৱা সপ্তাহত একেখন আদালতে সন্ত্রাসবাদী সংগঠন ইণ্ডিয়ান মুজাহিদীনৰ সদস্য আৰিজ খানক দোষী সাব্যস্ত কৰিছিল৷ উল্লেখ্য যে ২০০৮ চনত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ পিছত দক্ষিণ দিল্লীৰ বাট্লা হাউছত আশ্রয় লৈছিল ইণ্ডিয়ান মুজাহিদীনৰ সদস্যসকলে৷ তাতেই সন্ত্রাসবাদী আৰু দিল্লী আৰক্ষীৰ মাজত সংঘর্ষ লাগে৷ এই সংঘর্ষত সন্ত্রাসবাদীৰ গুলীত দিল্লী আৰক্ষীৰ বিষয়া মোহনচান্দ শর্মা নিহত হোৱাৰ বিপৰীতে গুৰুৰভাৱে আহত হৈছিল আন দুজন৷
দীর্ঘ প্রায় ১০ বছৰৰ পিছত ২০১৮ চনৰ ফেব্রুৱাৰী মাহত উত্তৰ প্রদেশৰ আজমগড়ৰ বাসিন্দা আৰিজ খানক দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছতেই আৰিজ খানৰ বিৰুদ্ধে আৰম্ভ হৈছিল আইনী প্রক্রিয়া৷ আদালতত দিল্লী আৰক্ষীৰ স্পষ্ট দাবী আছিল– এজন আইনৰ ৰক্ষকক হত্যা কৰাৰ অপৰাধত সন্ত্রাসবাদী সংগঠন ইণ্ডিয়ান মুজাহিদীনৰ সদস্য আৰিজ খানৰ ফাঁচি হোৱা উচিত৷ কার্যতঃ দিল্লীৰ অতিৰিক্ত ছেছন ন্যায়াধীশ সন্দীপ যাদৱৰ আদালতে দিল্লী আৰক্ষীৰ পক্ষতেই ৰায় দিলে৷ একেটা গোচৰত ইতিমধ্যে চাহজাদ আহমেদ নামৰ আন এজন সন্ত্রাসবাদীক দোষী সাব্যস্ত কৰি আদালতে কাৰাদণ্ড বিহিছে৷