মানৱতাৰ বধ্যভূমিত মানৰ দেশ, এতিয়ালৈ নিহত ১৮০ প্ৰতিবাদকাৰী
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে চলা প্ৰতিবাদত প্ৰতিদিনে দেশখনৰ ৰাজপথ ৰাঙলী হৈছে প্ৰতিবাদকাৰীৰ তেজেৰে।
নিৰাপত্তা বাহিনীৰ গুলীচালনাত কমেও ৫০ জন লোক নিহত হোৱাৰ পিছৰ দিনা অৰ্থাৎ কালি কমেও ২০ জন লোকে প্ৰাণ হেৰুৱাইছিল দেশখনত। স্থানীয় নিৰীক্ষণ সংগঠন এটাৰ তথ্যৰ ভিত্তিত সংবাদ সংস্থা এএফপিয়ে এই কথা প্ৰকাশ কৰিছে।
উল্লেখ্য, চীনা চৰকাৰৰ জান্তা চৰকাৰৰ প্ৰতি উদাৰ দৃষ্টিভংগীৰ প্ৰতিবাদত কালিপৰ্যন্ত চীনা বিনিয়োগ থকা ৩২টা কাৰখানা লণ্ডভণ্ড কৰে অচিনাক্ত লোকে।
দেশখনৰ বহিষ্কৃত নেতা আন-চান-চ্যু-কীৰ সমৰ্থকসকলে দেওবাৰে ৫০ জন লোকৰ মৃত্যুৰ পিছত পুনৰ প্ৰতিবাদ কৰিছিল। ম্যানমাৰৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ মাণ্ডালয়, মধ্য চহৰ মায়িংয়ান, অংলান আদি চহৰত প্ৰতিবাদ হৈছিল।
স্থানীয় সংগঠনটোৱে আজি এক বিবৃতিত কয়, হতাহতৰ সংখ্যা বাঢ়ি আছে আৰু এতিয়ালৈকে নিহত লোকৰ সংখ্যা ১৮০ অতিক্ৰম কৰিছে।
উল্লেখ্য, ১ ফেব্ৰুৱাৰীত সেনাই ম্যানমাৰৰ নেত্ৰী আন-চান-চ্যু-কীক আঁতৰ কৰি ক্ষমতা দখল কৰে। ইয়াকে লৈ জান্তা চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে দেশত। কিন্তু হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ইয়াক উলংঘন কৰি ৰাস্তাত প্ৰতিবাদ অব্যাহত ৰাখিছে।