ঝাৰখণ্ডত বিদায়ী মুখ্যমন্ত্রী ৰঘুবৰ দাসৰ বিৰুদ্ধে গোচৰ
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ নির্বাচনী প্রচাৰৰ সময়ত ঝাৰখণ্ড মুক্তি মর্চা (জেএমএম)ৰ কার্যকৰী সভাপতি হেমন্ত চোৰেণৰ বিৰুদ্ধে অশালীন মন্তব্য আগবঢ়োৱাৰ অভিযোগত বিদায়ী মুখ্যমন্ত্রী ৰঘুবৰ দাসৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ৷
ৰাজ্যখনত হেমন্ত চোৰেণৰ বিৰুদ্ধে নির্বাচনী প্রচাৰৰ সময়ত অভব্য মন্তব্য আগবঢ়োৱাৰ অভিযোগ অনা হৈছে ৰঘুবৰ দাসৰ বিৰুদ্ধে৷
আৰক্ষীয়ে নেতাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (আইপিচি)ৰ ৫০৪ আৰু ৫০৬ ধাৰাৰ উপৰি এছচি/এছটি (আতিশয্য প্রতিৰোধ) আইনৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে৷
উল্লেখ্য যে জামতাৰা জিলাৰ মাহিজাম আৰক্ষী থানাত বিদায়ী মুখ্যমন্ত্রীগৰাকীৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে৷ ইতিমধ্যে আৰক্ষী বিষয়া অৰবিন্দ উপাধ্যায়ক এই গোচৰটো সন্দর্ভত তদন্ত চলোৱাৰ নির্দেশ দিছে আৰক্ষীৰ ঊর্ধ্বতন কর্তৃপক্ষই৷