নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ষড়যন্ত্র পাকিস্তানৰঃ পঞ্জাবত কূটাঘাতৰ পৰিকল্পনা খালিস্তানীৰ

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ পাকিস্তানৰ সহায়ত খালিস্তানী সন্ত্রাসবাদীয়ে ভাৰতৰ পঞ্জাবত আক্রমণৰ পৰিকল্পনা চলাইছে৷ কেইবাটাও চোৰাংচোৱা সংস্থাৰ সূত্রৰ উদ্ধৃতি দি শেহতীয়াকৈ এই তথ্য সদৰী কৰিছে জি মিডিয়াই৷

সংবাদ সংস্থাটোৱে লাভ কৰা তথ্য অনুসৰি, অলপতে পাকিস্তানত খালিস্তান সমর্থিত সন্ত্রাসবাদীৰ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকতে ভাৰতত কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা যুগুতাইছে খালিস্তানী সন্ত্রাসবাদীবোৰে৷

চোৰাংচোৱা সূত্রই প্রকাশ কৰা তথ্য অনুসৰি, খালিস্তানী সন্ত্রাসবাদীয়ে পাকিস্তানৰ পৰা ভাৰতৰ পঞ্জাব প্রদেশলৈ অস্ত্র সৰবৰাহ কৰাৰ ঘটনা বৃদ্ধি পাইছে৷ পঞ্জাবলৈ এই অস্ত্র গোপনে সৰবৰাহৰ ক্ষেত্রত সহায় কৰিছে বাবৰ খাল্ছা আৰু খালিস্তান জিন্দাবাদ ফ’চ নামৰ দুটাকৈ পাকিস্তানী সংগঠনে৷ এই সংগঠন দুটাৰ সহায়ৰ বাবে পঞ্জাব আক্রমণৰ বাবে পুনৰ মূৰ তুলি থিয় দিছে খালিস্তানী সন্ত্রাসবাদীয়ে৷

স্মর্তব্য যে অকল পঞ্জাবেই নহয়, ৰাজস্থান আৰু হাৰিয়ানাতো খালিস্তানী সন্ত্রাসবাদীৰ সমর্থনত পাক সংগঠনে বিচৰণ কৰিবলৈ লোৱা বুলি সতর্কবাণী কৰিছে চোৰাংচোৱা সংস্থাই৷ চোৰাংচোৱাৰ এই তথ্য লাভৰ পিছতেই জী নিউজৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে গুৰুত্বপূর্ণ প্রতিবেদন৷

লক্ষণীয়ভাৱে বিএছএফ, নিয়া, ৰ আৰু আইবিৰ তৰফৰ পৰা খালিস্তানী সন্ত্রাসবাদীৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে৷

You might also like