নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত পদাৰ্পণ আমেৰিকাৰ প্ৰতিৰক্ষা সচিবৰ, সামৰিক দিশক লৈ হ’ব আলোচনা

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাইডেন প্ৰশাসনৰ প্ৰথমগৰাকী ব্যক্তিয়ে পদাৰ্পণ কৰিলে ভাৰতত। সন্ধিয়া প্ৰায় ৬ বজাত ভাৰতত পদাৰ্পণ কৰে আমেৰিকাৰা প্ৰতিৰক্ষা সচিব লয়ড আষ্টিনে। কাইলৈ দিনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে আলোচনাত বহিব প্ৰতিৰক্ষা সচিবগৰাকী। কাৰ্যসূচী অনুসৰি ৰাজনাথ সিঙৰ সৈতে ছাউথ ব্লকত আলোচনাত মিলিত হোৱাৰ পূৰ্বে যুদ্ধ স্মাৰকত সৈনিকক শ্ৰদ্ধাঞ্জলি জনাব আষ্টিনে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিবৰ ভাৰত ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ সামৰিক দিশৰ লগতে ভাৰতৰ সীমান্ত দেশ চীনৰ দক্ষিণ চীন সাগৰত বৃদ্ধি পোৱা চীনা নৌসেনাৰ গতিবিধিক লৈ আলোচনাত বহিব পাৰে। উল্লেখ্য, দক্ষিণ চীন সাগৰত চীনৰ অখণ্ড প্ৰতাপক লৈ আমেৰিকাক কিছু উদ্বিগ্ন হোৱা দেখা গৈছে।

উল্লেখ্য, ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিবলগীয়া S-৪০০ ক্ষেপনাস্ত্ৰ প্ৰণালীক লৈও আলোচনা কৰিব পাৰে আষ্টিনে। কিয়নো ৰাছিয়াৰ উক্ত ক্ষেপনাস্ত্ৰ ক্ৰয় কৰিলে প্ৰতিবদ্ধকতাৰ সন্মুখীন হব পাৰে ভাৰত।

যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিবগৰাকীয়ে   ১৯ৰ পৰা ২১ মাৰ্চলৈ ভাৰততে থাকিব। বাইডেন প্ৰশাসনৰ ফালৰ পৰা প্ৰথম অৱস্থাতে প্ৰতিৰক্ষা বিভাগৰ ভাৰত ভ্ৰমণে সীমান্তৰ দেশসমূহক সজাগ কৰি তোলা পৰিলক্ষিত হৈছে। 

You might also like