নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ দ্বিতীয় জোৱাৰৰ গ্রাসত দেশৰ কেইবাখনো ৰাজ্য

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ক’ভিড–১৯ মহামাৰীত আক্রান্ত হৈছে দেশৰ সংসদৰ নিম্ন সদন লোকসভাৰ অধ্যক্ষ ওম বিৰলা৷ কালি দিল্লী এইমছত ভর্তি কৰোৱা হৈছে বিৰলাক৷ অৱশ্যে এইমছৰ এক বিবৃতিত প্রকাশ কৰা অনুসৰি লোকসভাৰ অধ্যক্ষগৰাকীৰ স্বাস্থ্য বর্তমান সুস্থিৰ৷ ক’ভিড–১৯ৰ পৰীক্ষা পজিটিভ ওলোৱাৰ লগে লগে বিৰলাক হাস্পতালত ভর্তি কৰোৱা হৈছে৷

স্মর্তব্য যে লোকসভাৰ অধ্যক্ষগৰাকীয়ে সংসদৰ চলিত বাজেট অধিৱেশনৰ দ্বিতীয় পর্যায়ত প্রতিদিনে সংসদৰ কাম–কাজত ১৯ মার্চলৈ উপস্থিত আছিল৷ ইফালে, সমগ্র দেশজুৰি ক’ভিড–১৯ৰ সংক্রমণৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱা বুলি বিভিন্ন মহলে দাবী কৰিছে৷ কালিৰে পৰা বিগত ২৪ ঘণ্টাত ক’ভিড–১৯ মহামাৰীত দেশত আক্রান্ত হৈছে ৪৩,৮৪৬গৰাকী লোক৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰিছে এই তথ্য৷ নতুনকৈ আক্রান্ত এই লোকসকলক লৈ দেশজুৰি চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগীৰ সংখ্যা তিনি লক্ষাধিক হোৱা বুলিও স্বাস্থ্য মন্ত্রালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷

স্মর্তব্য যে সমগ্র দেশত এতিয়ালৈকে ১,১৫,৯৯,১৩০গৰাকী লোক আক্রান্ত হৈছে৷ ইয়াৰ ভিতৰত গৰিষ্ঠসংখ্যকেই সুস্থ হৈছে যদিও ৩,০৯,০৮৭গৰাকী চিকিৎসাধীন হৈ আছে৷ লক্ষণীয়ভাৱে সমগ্র দেশজুৰি ক’ভিড মহামাৰীত প্রাণ হেৰুৱাইছে ১ লাখ ৫৯ হাজাৰতকৈ অধিক লোকে৷ ক’ভিড–১৯ মহামাৰীয়ে শেহতীয়াকৈ মহাৰাষ্ট্রৰ পিছত বিভিন্ন ৰাজ্যলৈ সংক্রমণৰ সংহাৰ সৃষ্টি কৰাৰ খবৰ আহিছে৷ মহাৰাষ্ট্রত ইতিমধ্যে বিভিন্ন স্থানত জাৰি কৰা হৈছে লকডাউন তথা সান্ধ্য আইন৷

পঞ্জাবৰ কেইবাখনো জিলাত নৈশ সান্ধ্য আইন জাৰি কৰাৰ উপৰি ৩১ মার্চলৈকে বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে৷ কর্ণাটকৰ স্বাস্থ্যমন্ত্রীয়ে ঘোষণা কৰা অনুসৰি ৰাজ্যখনত ক’ভিড মহামাৰীৰ সংক্রমণত দ্বিতীয় জোৱাৰ আৰম্ভ হৈছে৷ বিগত ১০ দিনত কর্ণাটকত ক’ভিড আক্রান্ত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পোৱা বুলি ঘোষণা কৰিছে স্বাস্থ্যমন্ত্রী কে সুধাকৰে৷ ৰাজস্থানৰ ৮খনকৈ চহৰত নৈশ সান্ধ্যআইন জাৰি কৰাৰ সিদ্ধান্ত লোৱা হৈছে ক’ভিডৰ এই দ্বিতীয় জোৱাৰৰ বাবে৷ এই জিলাকেইখন হৈছে আজমেৰ, ভিলৱাৰা, জয়পুৰ, যোধপুৰ, কোটা, উদয়পুৰ, ছাগৱাৰা আৰু কুশলগড়৷

ইফালে, গুজৰাটতো ক’ভিড সংক্রমণৰ দ্বিতীয় জোৱাৰ আৰম্ভ হৈছে যদিও ৰাজ্যখনত লকডাউন জাৰি কৰা নহ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্রী বিজয় ৰূপানিয়ে৷ ইয়াৰ বিপৰীতে সংক্রমণ প্রতিৰোধ কৰিবলৈ মাস্ক পৰিধান, ছেনিটাইজাৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্ব কঠোৰভাৱে মানি চলাৰ নির্দেশ দিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ বিভিন্ন ৰাজ্যত ক’ভিডৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱাৰ লগে লগে প্রশাসনে ক’ভিড প্রট’কল কঠোৰভাৱে প্রয়োগ কৰাৰ সিদ্ধান্ত লৈছে৷ গোৱাত প্রশাসনে ক’ভিড প্রট’কল ভংগ কৰা হোটেলসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলিও সকীয়নি দিছে৷

স্মর্তব্য যে মহাৰাষ্ট্রত বিগত ২৪ ঘণ্টাত ২৭,১২৬গৰাকী লোক ক’ভিডত আক্রান্ত হোৱাৰ বিপৰীতে পঞ্জাবত ২,৫৭৮গৰাকী লোক আক্রান্ত হৈছে৷ ইফালে কেৰালাত নতুনকৈ আক্রান্ত হৈছে ২,০৭৮গৰাকী লোক৷ কেৰালা, গুজৰাট আৰু মধ্য প্রদেশত ক্রমে ১,৭৯৮, ১,৫৬৫ আৰু ১,৩০৮গৰাকী লোক আক্রান্ত হৈছে৷ অর্থাৎ ক’ভিডৰ সংক্রমণৰ দ্বিতীয় জোৱাৰৰ গ্রাসত পৰিছে দেশৰ বহু ৰাজ্য৷

You might also like