নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ বুধবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ ববডেই পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নিযুক্তি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। মুখ্য ন্যায়াধীশ এছ এ ববডেই অৱসৰ গ্ৰহণ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ এনভি ৰমনক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি কৰাৰ পৰামৰ্শ আগবঢ়াইছে।
উল্লেখ্য যে অহা ৩০ এপ্ৰিলত মুখ্য ন্যায়াধীশ এছ এ ববডেই অৱসৰ গ্ৰহণ কৰিব। ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ৰঞ্জন গগৈৰ পিছত ন্যায়াধীশ ববডেই ২০১৯ চনৰ নৱেম্বৰত ৪৭ তম চিজিআই হিচাপে শপত গ্ৰহণ কৰিছিল।
Chief Justice of India (CJI) SA Bobde (file photo) sends a letter to Central government recommending to appoint senior most Supreme Court Judge Justice NV Ramana as the next CJI.
CJI SA Bobde is due to retire on April 23. pic.twitter.com/VfhkSOKL5z
— ANI (@ANI) March 24, 2021