আমেৰিকাত পুৰুষ–মহিলাৰ বাবে ‘সম বেতন দিৱস’ বাইডেনৰ
নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ ক’ভিড–১৯ মহামাৰীৰ সময়ত আমেৰিকাত পুৰুষতকৈ মহিলা কর্মীসকল অধিক ক্ষতিৰ সন্মুখীন হৈছে৷ এই সময়ছোৱাত পুৰুষ কর্মচাৰীসকলে উপার্জন কৰা ধনৰ তুলনাত যথেষ্ট কম পৰিমাণে ধন উপার্জন কৰিছে মহিলা কর্মচাৰীসকলে৷ গতিকে আজিৰ দিনটো ‘সম বেতন দিৱস’ হিচাপে পালন কৰিছে ৰাষ্ট্রপতি জ’ বাইডেনে৷ বুধবাৰে হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্রীয় মহিলা ফুটবল দলৰ খেলুৱৈসকলৰ উপস্থিতিত বাইডেনে এই সম বেতন দিৱস উদ্যাপন কৰি ভৱিষ্যতে দেশখনৰ মহিলাসকল যাতে বৈষম্যৰ বলি হ’বলগীয়া নহয়, তাত গুৰুত্ব প্রদান কৰা হ’ব বুলিও ৰাষ্ট্রপতিগৰাকীয়ে ঘোষণা কৰিছে৷ স্মর্তব্য যে বর্তমান পুৰুষসকলে উপার্জন কৰা প্রতিটো ডলাৰৰ বিপৰীতে মহিলা কর্মীয়ে আমেৰিকাত ডলাৰটোৰ ৮২ শতাংশহে উপার্জন কৰিবলৈ সক্ষম হয়৷ গতিকে এই বৈষম্য আঁতৰ কৰাৰ সংকল্প লৈছে ৰাষ্ট্রপতি বাইডেনে৷ কর্মক্ষেত্রত সম অধিকাৰ আৰু সম বেতনৰ নীতিক কার্যকৰী কৰা হ’ব বুলিও প্রতিশ্রুতি দিছে ৰাষ্ট্রপতিগৰাকীয়ে৷