ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ অসুস্থ, হাস্পতালত ভৰ্তি
নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ অসুস্থ হৈছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। আজি পুৱা হঠাতে অসুস্থ অনুভৱ কৰাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সময় নষ্ট নকৰাকৈ দিল্লীৰ সেনা চিকিৎসালয়লৈ লৈ যোৱা হয়।
প্ৰাথমিক পৰীক্ষাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ চিকিৎসকৰ পৰ্যবেক্ষণত আছে। চিকিৎসালয়ৰ সূত্ৰ মতে, ৰাষ্ট্ৰপতিগৰাকীৰ শাৰীৰিক অৱস্থা স্থিৰ হৈ আছে।
দিল্লী আৰ্মী হাস্পতালৰ সূত্ৰ মতে, ৰামনাথ কোবিন্দে আজি পুৱা বুকুৰ বিষ অনুভৱ কৰিছিল।