নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বাংলাদেশৰ স্বাধীনতাৰ বাবে মই কাৰাগাৰলৈ গৈছিলোঁ’

প্রতিৱেশী দেশৰ স্বাধীনতাৰ স্বর্ণ জয়ন্তীত মোদী

নিয়মীয়া বাৰ্তা, ২৭ মার্চঃ ‘বাংলাদেশৰ স্বাধীনতা সংগ্রাম মোৰ যাত্রাৰ এক গুৰুত্বপূর্ণ মুহূর্ত আছিল৷ মোৰ সতীর্থ আৰু মই ভাৰতত সত্যাগ্রহ কৰিছিলোঁ৷ ২০–২২ বছৰ বয়সত বাংলাদেশৰ স্বাধীনতা সংগ্রামৰ কাৰণে মই আনকি কাৰাগাৰলৈ যাবলগীয়া হৈছিলোঁ৷’ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷

বাংলাদেশৰ স্বাধীনতাৰ স্বর্ণ জয়ন্তী উপলক্ষে কালি দেশখনৰ ৰাজধানী ঢাকাৰ নেচনেল পেৰেড গ্রাউণ্ডত আয়োজিত এক অনুষ্ঠানত অংশগ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে এই মন্তব্য আগবঢ়ায়৷ বাংলাদেশৰ ৰাষ্ট্রপতি আব্দুল হামিদ আৰু প্রধানমন্ত্রী শ্বেখ হাছিনাৰ উপস্থিতিত ‘মুজিব জেকেট’ পৰিধান কৰি প্রধানমন্ত্রী মোদীয়ে দেশখনৰ জাতিৰ পিতা শ্বেখ মুজিবুৰ ৰহমানক স্মৰণ কৰে৷

বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানক স্মৰণ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ‘মোৰ জীৱনৰ বাবে আজিৰ দিনটো সবাতোকৈ স্মৰণীয় দিনৰ অন্যতম৷ বাংলাদেশে মোক এই কার্যসূচীত অন্তর্ভুক্ত কৰাৰ বাবে চিৰকৃতজ্ঞ৷’

বাংলাদেশ স্বাধীনতা সংগ্রামৰ সৈনিকৰ ত্যাগক কেতিয়াও দেশবাসীয়ে পাহৰিব নোৱাৰে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে দুই দেশৰ মাজত থকা সম্পর্কৰ বিষয়েও অৱগত কৰে৷

কালি পুৱা ১০.৩০ বজাত ঢাকাত অৱতৰণ কৰাৰ পাছতে প্রধানমন্ত্রী মোদীক আদৰণি জনায় প্রধানমন্ত্রী শ্বেখ হাছিনাই৷ মন কৰিবলগীয়া যে ভাৰতে প্রদান কৰি অহা গান্ধী শান্তি বঁটা–২০২০ বাংলাদেশৰ জাতিৰ পিতা শ্বেখ মুজিবুৰ ৰহমানক মৰণোত্তৰভাৱে প্রদান কৰা হয়৷

You might also like