ফিফা বিশ্বকাপ কোৱালিফায়াৰঃ জার্মানীক হৰুৱাই চমক নর্থ মেচিড’নিয়াৰ
নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ সুদীর্ঘ ২০ বছৰৰ পিছত ঘৰৰ মাটিত বিশ্বকাপ কোৱালিফায়াৰ মেচত পৰাজয়ৰ সন্মুখীন হ’ল প্রাক্তন চেম্পিয়ন জার্মানী৷ ২০২২ চনৰ কাটাৰ বিশ্বকাপ কোৱালিফায়াৰৰ বুধবাৰে নিশা জার্মানীৰ এম এছ ভি এৰেনাত অনুষ্ঠিত গ্রুপ ‘জে’ৰ তীব্র উত্তেজনাপূর্ণ মেচখনত ঘৰুৱা দল জার্মানীয়ে নর্থ মেচিড’নিয়াৰ হাতত ২–১ গ’লত পৰাজয় স্বীকাৰ কৰে৷ প্রথমৰ পৰাই উত্তেজনাপূর্ণ হৈ পৰা খেলখনৰ প্রথমার্ধৰ ইনজুৰী সময়ত গ’ৰান পানডেভে গ’ল স্ক’ৰ কৰি নর্থ মেচিড’নিয়াক গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷
অৱশ্যে দ্বিতীয়ার্ধত জার্মানীয়ে আক্রমণৰ চোক বৃদ্ধি কৰি তোলে আৰু ৬৩ মিনিটত এক পেনাল্টী লাভ কৰে৷ ইলকে গুণ্ড’গানে ইয়াক গ’ললৈ কার্যকৰী কৰাত মেচখন ১–১ত সমতা স্থাপন হয়৷ কিন্তু গ’লৰ সন্ধানত থকা নর্থ মেচিড’নিয়াই ২০১৪ চনৰ চেম্পিয়ন জার্মানীৰ শিবিৰত মোক্ষম আঘাত হানে৷ ইলজিফ ইলমাচে দর্শনীয় গ’ল স্ক’ৰ কৰি নর্থ মেচিড’নিয়াক ২–১ গ’লত অগ্রগতি প্রদান কৰাই নহয়, দলটোক জয়ৰ সোৱাদ দিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ পৰৱর্তী সময়ত জার্মানীয়ে গ’লটো পৰিশোধ কৰাৰ বাবে চেষ্টা চলায় যদিও সফলতাৰ মুখ নেদেখিলে৷ জার্মানীয়ে এতিয়ালৈকে তিনিখন মেচৰ পৰা ৬ পইণ্ট সংগ্রহ কৰি তৃতীয় স্থানত থকাৰ বিপৰীতে নর্থ মেচিড’নিয়াই তিনিখন মেচৰ পৰা ৬ পইণ্ট সংগ্রহ কৰি দ্বিতীয় স্থানত আছে৷
ইফালে, আর্মেনিয়াই তিনিখন মেচ খেলি আটাইকেইখনতে বিজয় সাব্যস্ত কৰি ৯ পইণ্টেৰে শীর্ষস্থানত আছে৷ আর্মেনিয়াই যোৱানিশা ৰোমানিয়াক ৩–২ গ’লত পৰাস্ত কৰে৷ ইফালে, ফ্রান্স, স্পেইন আৰু ইংলেণ্ডে গুৰুত্বপূর্ণ বিজয় সাব্যস্ত কৰিছে৷ গ্রুপ ‘ডি’ৰ মেচ এখনত গ্রিজমানৰ গ’লৰ সহায়ত ফ্রান্সে বছনিয়া এণ্ড হেৰজেগ’ভিনাক ১–০ গ’লত পৰাস্ত কৰাৰ বিপৰীতে গ্রুপ ‘বি’ৰ এখন মেচত স্পেইনে ক’ছ’ভ’ক ৩–১ গ’লত আৰু ইংলেণ্ডে গ্রুপ ‘আই’ৰ এখন মেচত পোলেণ্ডক ২–১ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰে৷